
নতুন দিল্লী, ১৮ মে’ (হি.স.)। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাক লৈ সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
তেওঁৰ বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ খবৰটো অত্যন্ত দুখজনক। মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
উল্লেখযোগ্য যে পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত এংগেজমেণ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰা লোক কঢ়িয়াই অনা এটা টেম্পোৱে তীব্ৰবেগী কণ্টেইনাৰ ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। দুৰ্ঘটনাটোত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জন লোক আহত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া