মেৰাপানীত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন
গোলাঘাট, ১৮মে (হি.স.)। মেৰাপানীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন পথচাৰী। ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। সোমবাৰে পুৱা মেৰাপানীৰ ওদালিপথাৰত সংঘটিত হয় উক্ত শোকাবহ পথ দুৰ্ঘটনাটো। জানিব পৰা মত
মেৰাপানীত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন


গোলাঘাট, ১৮মে (হি.স.)। মেৰাপানীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন পথচাৰী। ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

সোমবাৰে পুৱা মেৰাপানীৰ ওদালিপথাৰত সংঘটিত হয় উক্ত শোকাবহ পথ দুৰ্ঘটনাটো। জানিব পৰা মতে, চন্দনপুৰৰ নিবাসী চণ্ডে গিৰি নামৰ লোকজন খোজকাঢ়ি গৈ থকা অৱস্থাত মাৰুটি ষ্ট’ন ক্ৰাছাৰৰ পৰা শিল কঢ়িয়াই অনা এনএল-০৫জি-২৪৯৫ নম্বৰৰ এখন দ্ৰুতবেগী ডাম্পাৰে মহটিয়াই নিয়ে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতে মৃত্যু হয় পথচাৰী জনৰ।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই ডাম্পাৰ সহ দিগন্ত বৰা নামৰ চালকজনে জামুগুৰি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে জামুগুৰি আৰক্ষীৰ পৰা চালকজনক নিজৰ জিম্মালৈ আনে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। স্থানীয় ৰাইজে ডাম্পাৰৰ অতপালিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰাৰ লগতে পথবন্ধ কৰি ডাম্পাৰ সমূূহৰ বিৰুদ্ধে ধৰ্ণা, অবৰোধত নামি পৰিছে। ইফালে, মেৰাপানী আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande