ন্যায়াধীশ তদন্ত সমিতিৰ লোকসভাৰ অধ্যক্ষৰ ওচৰত প্ৰতিবেদন দাখিল
নতুন দিল্লী, ১৮ মে’ (হি.স.)। ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি থকা ন্যায়াধীশ তদন্ত সমিতিয়ে সোমবাৰে সংসদ ভৱনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক প্ৰতিবেদন দাখিল কৰে। লোকসভা সচিবালয়ৰ তথ্য অনুসৰি ন্যায়াধীশ (তদন্ত) আইন, ১৯৬৮ৰ অধী
न्यायमूर्ति अरविंद कुमार, न्यायमूर्ति चंद्रशेखर और वरिष्ठ अधिवक्ता बी.वी. आचार्य लोकसभा अध्यक्ष को रिपोर्ट प्रस्तुत करते हुए।


নতুন দিল্লী, ১৮ মে’ (হি.স.)। ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি থকা ন্যায়াধীশ তদন্ত সমিতিয়ে সোমবাৰে সংসদ ভৱনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক প্ৰতিবেদন দাখিল কৰে।

লোকসভা সচিবালয়ৰ তথ্য অনুসৰি ন্যায়াধীশ (তদন্ত) আইন, ১৯৬৮ৰ অধীনত বিধিগত প্ৰয়োজনীয়তা মানি এই প্ৰতিবেদন দাখিল কৰা হৈছে। যথা সময়ত সংসদৰ দুয়োটা সদনত এই প্ৰতিবেদন দাখিল কৰা হ’ব। ১২ আগষ্টত লোকসভাৰ অধ্যক্ষই গঠন কৰিছিল এই সমিতিখন।

উল্লেখযোগ্য যে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। ইয়াৰ পিছতে তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। সংসদেও তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইফালে ১০ এপ্ৰিলত তেওঁ পদৰ পৰা পদত্যাগ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande