
ধেমাজি, ১৮ মে (হি.স.)। চৰকাৰ সলনি হয়, সলনি নহয় জনতাৰ দুৰ্দশা ।আজিও আদিম যুগৰ দৰে বোকা-পানী গচকি বহিঃজগতৰ সৈতে যোগাযোগ জোনাইৰ অকলেণ্ডবাসী ৰাইজ।
চৰকাৰ আহিছে, চৰকাৰ গৈছে, কিন্তু সলনি হোৱা নাই ৰাইজৰ দুৰ্দশা। আধুনিকতাৰ যুগতো আজিও আদিম যুগৰ দৰে বোকা-পানী গচকি বহিঃজগতৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ বাধ্য হৈছে একাংশ জনতাই।
জোনাই বিধানসভা সমষ্টিৰ বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত অকলেণ্ড গাঁওৰ দুৰৱস্হা। প্ৰায় কেবাশতাধিক পৰিয়ালে বসবাস কৰা গাঁওখন আজিও বঞ্চিত মৌলিক উন্নয়নৰ পৰা। চৰকাৰী আঁচনি আৰু উন্নয়নৰ প্ৰতিশ্ৰুতি কাগজে-কলমেই সীমাবদ্ধ হৈ থকাৰ ফলস্বৰূপে আজি বছৰৰ পিছত বছৰ ধৰি ৰাইজে ভুগীবলগীয়া হৈছে চৰম দুৰ্ভোগ।
বিশেষকৈ বৰষুণৰ সময়ত পথছোৱাৰ অৱস্থা অধিক শোচনীয় হৈ পৰা ফলত বিদ্যালয়মুখী কণ-কণ ছাত্ৰ-ছাত্ৰী, অসুস্থ ৰোগী তথা সাধাৰণ লোকে প্ৰতিদিনে চৰম দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে।
পথ নিৰ্মাণৰ দাবীত বিভিন্ন সময়ত জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট বিভাগৰ ওচৰত আবেদন-নিবেদন জনোৱা হৈছে যদিও আজিলৈকে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এইসকল গঞা ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা