আগিয়াৰ ৰামপুৰত অগ্নিদগ্ধ হৈ শিশুৰ মৃত্য়ু
গোৱালপাৰা, ১৮ মে (হি.স.)। গোৱালপাৰাৰ আগিয়াৰ ৰামপুৰত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। অগ্নিদগ্ধ হৈ শোকাৱহ মৃত্যু হৈছে এটি ৮ বছৰীয়া শিশুৰ। শিশুটিৰ নাম অনুজ প্ৰতীম শিৱম বুলি জানিব পৰা গৈছে ৷ জানিব পৰা অনুসৰি শিশুটিয়ে ঘৰত খেলি থকা অৱস্থাত জুইত পেট্ৰল ঢ
আগিয়াৰ ৰামপুৰত অগ্নিদগ্ধ হৈ শিশুৰ মৃত্য়ু


গোৱালপাৰা, ১৮ মে (হি.স.)। গোৱালপাৰাৰ আগিয়াৰ ৰামপুৰত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। অগ্নিদগ্ধ হৈ শোকাৱহ মৃত্যু হৈছে এটি ৮ বছৰীয়া শিশুৰ। শিশুটিৰ নাম অনুজ প্ৰতীম শিৱম বুলি জানিব পৰা গৈছে ৷

জানিব পৰা অনুসৰি শিশুটিয়ে ঘৰত খেলি থকা অৱস্থাত জুইত পেট্ৰল ঢালি দিয়াত জুই লাগি মৃত্যুক সাৱতিবলগীয়া হয় শিশুটি ৷ শিশুটিক ততাতৈয়াকৈ গুৱাহাটীলৈ চিকিতসাৰ বাবে অনা হয় আৰু গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰত চিকিৎসা প্ৰদান কৰা হয় যদিও চিকিতসাধীন অৱস্থাতে মৃত্যু শিশুটিৰ মৃত্যু হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande