ওড়িশা ভ্ৰমণত নীতিন নবীন, মূল সমিতিৰ বৈঠকত সাংগঠনিক বিষয়সমূহৰ ওপৰত চৰ্চা
ভুৱনেশ্বৰ, ১৮ মে’(হি.স.)। ওড়িশা ভ্ৰমণলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সোমবাৰে পুৱা ভুৱনেশ্বৰস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা দলটোৰ ৰাজ্যিক মূল সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীকে ধৰি কেইবাজনো জ্যেষ্ঠ দ
ओडिशा भाजपा कोर कमेटी की बैठक


ভুৱনেশ্বৰ, ১৮ মে’(হি.স.)। ওড়িশা ভ্ৰমণলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সোমবাৰে পুৱা ভুৱনেশ্বৰস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা দলটোৰ ৰাজ্যিক মূল সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীকে ধৰি কেইবাজনো জ্যেষ্ঠ দলৰ নেতা উপস্থিত থাকে। দলীয় সূত্ৰৰ মতে, বৈঠকত সাংগঠনিক কাম-কাজ, ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন, বিভিন্ন ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়ৰ ওপৰত বিতংভাৱে চৰ্চা কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, জুৱাল ওৰাম, বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ মনমোহন সমল, বিজেপি ওড়িশাৰ ভাৰপ্ৰাপ্ত পদাধিকাৰী বিজয় পাল সিং টোমৰ, সহ-ভাৰপ্ৰাপ্ত লতা উছেণ্ডী, উপ-মুখ্যমন্ত্ৰী কনক বৰ্ধন সিং দেও, উপ-মুখ্যমন্ত্ৰী প্ৰভাতি পৰিদাও উপস্থিত থাকে।

তদুপৰি বিজেপিৰ ৰাজ্যিক সংগঠনৰ সাধাৰণ সম্পাদক মানস মহন্ত, সাংসদ প্ৰতাপ সাৰংগী, ড০ সম্বিত পাত্ৰ,কে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকৰ পাছতে মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে ছ’চিয়েল মিডিয়াত উল্লেখ কৰে যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত অনুষ্ঠিত ৰাজ্যিক মূল সমিতিৰ বৈঠকত জ্যেষ্ঠ নেতাসকলৰ সৈতে সাংগঠনিক কাম-কাজ সন্দৰ্ভত অৰ্থপূৰ্ণ আলোচনা হয়।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ ডাবল ইঞ্জিন চৰকাৰখনে ওড়িশাৰ সৰ্বাংগীন উন্নয়ন, সামাজিক সুৰক্ষা, আৰু অৰ্থনৈতিক প্ৰগতিৰ এক নতুন দিশ প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে চৰকাৰে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ কল্যাণ নিশ্চিত কৰাৰ লগতে বিশ্বজুৰি ওড়িশাৰ গৌৰৱময় পৰিচয় প্ৰতিষ্ঠা কৰাৰ বাবে অহৰহ কাম কৰি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande