
হাইলাকান্দি, ১৮ মে’ (হি.স.): হাইলাকান্দিৰ সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰে বিজিত বিধায়ক ড° মিলন দাসে । যোৱা কালি নিশা প্ৰায় ১১ টা বজাত হঠাতে চিকিৎসালয়ত উপস্থিত হয় বিধায়ক মিলন দাস । চিকিৎসালয়ত উপস্থিত হৈ কৰ্তব্যৰত চিকিৎসকক লৈ সন্তোষ কুমাৰ ৰায় চিকিৎসালয়ত থকা প্ৰতিটো ওয়াৰ্ডত বিধায়ক গৰাকী উপস্থিত হৈ ৰোগীৰ লগত আলোচনা কৰে । প্ৰতিটো ওয়াৰ্ডত থকা ৰোগীৰ লগত আলোচনা কৰি চিকিৎসালয়ত কি কি সমস্যা আছে জানিব বিচাৰে বিধায়ক গৰাকীয়ে।
একেদৰে ৰোগীৰ লগত আলোচনাৰ সময়ত ৰোগী তথা ৰোগীৰ আত্মীয় সকলে চিকিৎসালয়ত পানীৰ বহুত সমস্যাৰ কথা কয় লগতে নতুনকৈ জন্ম হোৱা শিশুৰ বাবে নেভুলাইজাৰ মেচিনৰ অভাব বুলি কয় ৰোগীৰ আত্মীয় সকলে । প্ৰতিটো সমস্যাৰ খুব শীঘ্ৰেই সমাধান হ’ব বুলি আশ্বাস দিয়ে চিকিৎসালয়ত থকা ৰোগী সকলক। পিছত সংবাদ মাধ্যমৰ আগত বিধায়ক ড° মিলন দাসে কয় যে আমি আজি চিকিৎসালয়ত সাডেন বিজিত কৰিছো কিছু কিছু সমস্যাৰ কথা ৰোগী সকলে কৈছে, এই সমস্যাবোৰ অতি সোনকালে সমাধান কৰাৰ চেষ্টা কৰিম আৰু আগন্তুক দিনত এই চিকিৎসালয়ৰ অধীক্ষক আৰু চিকিৎসা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তৰ লগত আৰু সকলো কৰ্মচাৰীলৈ এখন পৰ্যালোচনা বৈঠক কৰিম । চিকিৎসালয়ৰ সকলো সমস্যা সমাধান কৰাৰ লগতে এই চিকিৎসালয়ত আৰু কি কি কৰা যায় তাকলৈও আলোচনা কৰিব বুলি কয় বিধায়ক গৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ