
লখিমপুৰ, ১৮ মে’ (হি.স.): লখিমপুৰ জিলাৰ ঘিলামৰা থানাৰ অন্তৰ্গত চুমনি মেদক গাঁও নিৱাসী কিশোৰ বিশ্বকৰ্মাৰ নুমলীয়া ভায়েক ২৯ বছৰীয়া বিবাহিত যুৱক মতিলাল বিশ্বকৰ্মা আজি এমাহ দিন ধৰি নিৰুদিৰ্ষ্ট হৈ আছে ৷ পৰিয়ালৰ সূত্ৰে অৱগত কৰা মতে অৰুণাচলৰ আলংত শ্ৰমিক হিচাপে কৰ্মৰত আছিল মতিলাল বিশ্বকৰ্মা।
অৰুণাচল আলংৰ পৰা যোৱা ১৭ এপ্ৰিল,২০২৬ তাৰিখে চুমনি গাঁৱৰ নিজ বাসগৃহলৈ বুলি উভতি আহিছিল মতিলাল বিশ্বকৰ্মা এই সন্দৰ্ভত পৰিয়ালৰ লগতো ফোনত অৱগত হৈছিল আৰু গোগামুখৰ হাজাৰ গুৰিত থকা শহুৰেকৰ ঘৰত উপস্থিত হোৱাৰ কথাও জনাইছিল পৰিয়ালৰ লোকক কিন্তু সেইদিনাৰ পৰা মতিলাল বিশ্ব শৰ্মা অৰ্থাৎ ১৯ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে । ঘৰলৈ উভতি অহা নাই ৷ ফলত মতিলাল বিশ্বকৰ্মাৰ পিতৃ-মাতৃ দুখত ম্ৰিয়মান হোৱাৰ লগতে স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে ৷ পিতৃ-মাতৃ, স্থানীয় দল-সংগঠন আৰু স্থানীয় ৰাইজে মতিলাল বিশ্বকৰ্মা য’তেই নাথাকক ঘৰলৈ ঘুৰি আহিবলৈ আহ্বান জনাইছে আৰু লগতে সদাশয় ব্যক্তিয়ে মতিলাল বিশ্বকৰ্মাক দেখিলে 8099290838 আৰু 60018036440 নম্বৰত যোগাযোগ কৰি পৰিয়ালৰ লোকক অৱগত কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ