
হোজাই, ১৮ মে (হি.স.)। আজি উচ্চ ৰক্তচাপ দিৱস। তাৰ লগত সংহতি ৰাখি লামডিং ৰেলৱে চহৰত উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয়।
লামডিং শ্যামাপ্ৰসাদ মুখাৰ্জী হস্পিতালৰ উদ্যোগত উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয়। উচ্চ ৰক্তচাপ কেনে নিৰাময় কৰা যায় তাৰ বাবে ৰাইজক সজাগতা সভাৰ মাধ্যমে পৰামৰ্শ আৰু মত বিনিময় প্ৰদান কৰে চিকিৎসক সকলে লামডিং শ্যামাপ্রসাদ মুখাৰ্জী হস্পিতালৰ মুখ্য চিকিৎসক ডাক্তৰ ৰবিশ্বৰ ঘোষে ৰাইজক শপত গ্ৰহণ কৰাই কয় যে আজিৰ পৰা সমাজৰ পৰা উচ্চ ৰক্তচাপ বেধী নিৰাময় কৰাৰ বাবে শুদ্ধ আহাৰ, প্ৰাণায়াম নিয়মিত ঔষধ সেৱন কৰিব লাগিব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা