লংকাত আৰক্ষী অভিযানত ড্ৰাগছ সহ তিনিজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ
হোজাই, ১৮ মে (হি.স.)। লংকাৰ ৰাজপথত জব্দ নিষিদ্ধ ড্ৰাগছ । হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক ভাস্বতী চৌধুৰীৰ নেতৃত্বত চলোৱা অভিযানত জব্দ হৈছে ড্ৰাগছভৰ্তি ১ টা চাবোনৰ বাকচ । গ্ৰেপ্তাৰ হৈছে পতি-পত্নী সহ ৩ জনকৈ ব্যক্তি । দুই পতি পত্নী হৈছে যমুনামুখৰ
লংকাত আৰক্ষী অভিযানত ড্ৰাগছ সহ তিনিজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ


হোজাই, ১৮ মে (হি.স.)। লংকাৰ ৰাজপথত জব্দ নিষিদ্ধ ড্ৰাগছ । হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক ভাস্বতী চৌধুৰীৰ নেতৃত্বত চলোৱা অভিযানত জব্দ হৈছে ড্ৰাগছভৰ্তি ১ টা চাবোনৰ বাকচ । গ্ৰেপ্তাৰ হৈছে পতি-পত্নী সহ ৩ জনকৈ ব্যক্তি । দুই পতি পত্নী হৈছে যমুনামুখৰ জাহিৰুল হক আৰু জোনাকী বেগম আনজন ব্যক্তি হৈছে হোজাইৰ ফিৰোজ আলি ।

লগতে এএছ ৩১ এইছ ৩৩৯৪ আৰুএএছ ৩১ ডি ৬৩৩১ নম্বৰৰ দুখন বাইকৰ লগতে প্ৰায় ৪০ হাজাৰ টকা আৰক্ষীয়ে জব্দ কৰে । লংকাৰ বৰবহাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ হৈছে । জব্দ ড্ৰাগছ খিনিৰ পৰিমাণ ১১.৪৮ গ্ৰাম । ইয়াৰ পূৰ্বতেও দুবাৰকৈ জাহিৰুল হকক আৰক্ষীয়ে ড্ৰাগছ গোচৰত কাৰাগাৰত প্ৰেৰণ কৰিছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande