অমিত শ্বাহৰ ছত্তীশগড়ত অত্যাধুনিক 'নেক্সট-জেন চিজি ডায়েল-১১২ সেৱা' আৰু মোবাইল ফৰেনছিক ভ্যান উদ্বোধন
ৰায়পুৰ, ১৮ মে’ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ৰায়পুৰৰ মানা পুলিচ পেৰেড গ্ৰাউণ্ডত ছত্তীশগড় আৰক্ষীৰ অত্যাধুনিক ‘নেক্সট জেন চিজি ডায়েল-১১২ চাৰ্ভিচ’ আৰু মোবাইল ফৰেনছিক ভ্যান উদ্বোধন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ৪০০খন অত্যা
केंद्रीय गृह मंत्री अमित शाह


केंद्रीय गृह मंत्री अमित शाह


केंद्रीय गृह मंत्री अमित शाह


केंद्रीय गृह मंत्री अमित शाह


ৰায়পুৰ, ১৮ মে’ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ৰায়পুৰৰ মানা পুলিচ পেৰেড গ্ৰাউণ্ডত ছত্তীশগড় আৰক্ষীৰ অত্যাধুনিক ‘নেক্সট জেন চিজি ডায়েল-১১২ চাৰ্ভিচ’ আৰু মোবাইল ফৰেনছিক ভ্যান উদ্বোধন কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ৪০০খন অত্যাধুনিক ডায়েল-১১২ বাহন আৰু ৩২খন ম’বাইল ফৰেনছিক ভ্যান ফ্লেগ অফ কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাই, বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ-মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী বিজয় শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান অৰুণ দেৱ গৌতম, বিধায়ক, জনপ্ৰতিনিধি, আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকল উপস্থিত থাকে।

‘একে নম্বৰ, ছাব্বো বাৰ’ থিমৰ ওপৰত ভিত্তি কৰি এই আধুনিক সেৱাই আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ, আৰু চিকিৎসা সেৱাক একত্ৰিত কৰি নাগৰিকসকলক একক নম্বৰত তাৎক্ষণিকভাৱে জৰুৰীকালীন সহায় আগবঢ়াব। এই পদক্ষেপৰ অধীনত মুকলি কৰা ৪০০খন অত্যাধুনিক বাহনত স্মাৰ্টফোন, জিপিএছ, বেতাঁৰ ৰেডিঅ’, পিটিজেড কেমেৰা, ডেচ কেম, মোবাইল এনভিআৰ, আৰু সৌৰ বেকআপ আদি আধুনিক বৈশিষ্ট্য আছে। এই প্ৰযুক্তিসমূহে অপৰাধস্থলীৰ লাইভ নিৰীক্ষণ, বাস্তৱ সময়ৰ অনুসৰণ, আৰু তৎক্ষণাত যোগাযোগ নিশ্চিত কৰিব।

এই সেৱা ২৪x৭ চলিব। ইয়াত আধুনিক প্ৰযুক্তি যেনে জিআইএছ-ভিত্তিক নিৰীক্ষণ, উন্নত বাহন অনুসৰণ, এছআইপি ট্ৰাংক প্ৰযুক্তি, আৰু স্বয়ংক্ৰিয় কলাৰ স্থান চিনাক্তকৰণ ব্যৱহাৰ কৰা হয়। ৰাজ্যৰ আটাইকেইটা জিলা সমন্বয় কেন্দ্ৰকো এই নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে। ভইচ কল, এছএমএছ, ইমেইল, ৱেব পৰ্টেল, হোৱাটছএপ, চেটবট, এছঅ’এছ-১১২ ইণ্ডিয়া এপৰ জৰিয়তেও নাগৰিকে সহায় বিচাৰিব পাৰে।

ভ্ৰাম্যমাণ ফৰেনছিক ভ্যানে অপৰাধস্থলীত বৈজ্ঞানিক তদন্তৰ সুবিধা প্ৰদান কৰিব

৩২খন ভ্ৰাম্যমাণ ফৰেনছিক ভ্যানে ৰাজ্যৰ অপৰাধ তদন্তৰ এক নতুন দিশ প্ৰদান কৰিব। ৩২খন ভ্যান – ৩২খন জিলা – এটা সংকল্প: সঠিক তদন্ত, ক্ষিপ্ৰ ন্যায় মূলমন্ত্ৰৰে আৰম্ভ কৰা এই পদক্ষেপে অপৰাধস্থলীত প্ৰাৰম্ভিক বৈজ্ঞানিক তদন্তৰ সুবিধা প্ৰদান কৰিব।

প্ৰতি ইউনিটত প্ৰায় ৬৫ লাখ টকা খৰচ কৰা এই অত্যাধুনিক ভ্যানসমূহত অপৰাধস্থলী সংৰক্ষণ কিট, প্ৰমাণ সংগ্ৰহ আৰু ছীলিং সঁজুলি, আঙুলিৰ ছাপ ধৰা পেলোৱা ব্যৱস্থা, নিচাযুক্ত দ্ৰব্য পৰীক্ষণ কিট, ডিজিটেল ফৰেনছিক সমৰ্থন, উচ্চমানৰ ফটোগ্ৰাফী ব্যৱস্থা, বুলেট ফুটা স্ক্ৰীনিং আৰু বেলিষ্টিক পৰীক্ষা কিট, আৰু বন্দুকৰ গুলীৰ অৱশিষ্ট (জিএছআৰ) পৰীক্ষণ কিটৰ দৰে উন্নত বৈশিষ্ট্য আছে।

নতুন মোবাইল ফৰেনছিক ভ্যানসমূহে প্ৰাথমিক তদন্ত, প্ৰমাণ সংৰক্ষণ, পৰীক্ষণ, আৰু ডিজিটেল নথিপত্ৰ স্থানতে নিজেই চলাব পৰাকৈ সক্ষম কৰিব। ইয়াৰ ফলত তদন্তৰ মানদণ্ড আৰু গতি দুয়োটাতে যথেষ্ট উন্নতি হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande