
নতুন দিল্লী, ১৮ মে’(হি.স.)। শেহতীয়াকৈ দেশত পেট্ৰ’ল, ডিজেল, চিএনজি আৰু উদ্যোগিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে। তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুদ্ৰাস্ফীতি সম্পৰ্কীয় সিদ্ধান্ত লুকুৱাই ৰাখিছিল আৰু তাৰ পিছত শেষ হোৱাৰ লগে লগে ইন্ধন আৰু গেছৰ মূল্য বৃদ্ধি কৰিছিল।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মল্লিকাৰ্জুন খৰ্গে কয় যে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি পেট্ৰ’ল, ডিজেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা হ’লহেঁতেন তেন্তে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক ক্ষতি হ’লহেঁতেন। তেওঁ অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন শেষ নোহোৱালৈকে এই বিষয়সমূহ জনসাধাৰণৰ পৰা লুকুৱাই ৰাখিছিল, কিন্তু তাৰ পিছত নিৰ্বাচন শেষ হোৱাৰ লগে লগে দাম বৃদ্ধি কৰিছিল।
কেন্দ্ৰীয় চৰকাৰক দূৰদৰ্শিতাৰ অভাৱৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাত অসুবিধাৰ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ দলে সমগ্ৰ দেশতে এই বিষয়টো কঠোৰভাৱে উত্থাপন কৰিব।
এটা ভিডিঅ’যোগে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত খাৰ্গে কয় যে নিৰ্বাচনৰ পূৰ্বে পেট্ৰ’ল, ডিজেল, গেছৰ দাম চৰকাৰে নিয়ন্ত্ৰণ কৰিছিল যদিও নিৰ্বাচন শেষ হোৱাৰ পিছত হঠাতে দাম বৃদ্ধি পায়। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে চৰকাৰে সাধাৰণ জনতাৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়ে।
মন কৰিবলগীয়া যে এই মাহত পেট্ৰ’ল, ডিজেল, চিএনজি, উদ্যোগিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে। ১৭ মে’ত দিল্লী-এনচিআৰত চিএনজিৰ মূল্য প্ৰতি কেজিত এক টকা বৃদ্ধি হোৱাৰ পিছত দিল্লীত চিএনজিৰ মূল্য ৭৯.০৯ টকাৰ পৰা ৮০.০৯ টকালৈ বৃদ্ধি পায়।
ইয়াৰ পূৰ্বে ১৫ মে’ত পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত তিনি টকাকৈ বৃদ্ধি কৰা হৈছিল। দিল্লীত পেট্ৰ’লৰ মূল্য ৯৪.৭৭ ₹ৰ পৰা ৯৭.৭৭ ₹লৈ বৃদ্ধি পাইছে, আৰু ডিজেলৰ মূল্য ৮৭.৬৭ ₹ৰ পৰা ৯০.৬৭ ₹ প্ৰতি লিটাৰলৈ বৃদ্ধি পাইছে। মুম্বাই, কলকাতা, চেন্নাইৰ দৰে মহানগৰতো ২.৮ ₹ৰ পৰা ৩.৩ ₹লৈকে বৃদ্ধি পাইছে।
ইয়াৰ উপৰিও ১৯ কেজি ওজনৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্যও ১ মে’ত যথেষ্ট বৃদ্ধি কৰা হয়।দিল্লীত ইয়াৰ মূল্য ২,০৭৮.৫০ ₹ৰ পৰা ₹৩,০৭১.৫০ টকালৈ বৃদ্ধি কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া