

তিৰুৱনন্তপুৰম, ১৮ মে’ (হি.স.)। কেৰালাৰ নতুন চৰকাৰৰ নেতৃত্বত মুখ্যমন্ত্ৰী ভি.ডি. সোমবাৰে প্ৰথমখন কেবিনেট বৈঠকত জনকল্যাণমূলক কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনায় সতীশনে। মহিলা, জ্যেষ্ঠ নাগৰিক, আশা, অংগনবাড়ী কৰ্মীকে ধৰি বিভিন্ন শ্ৰেণীৰ বাবে কেইবাখনো সাহায্য আঁচনিৰ ঘোষণা কৰি চৰকাৰে নিজৰ অগ্ৰাধিকাৰ স্পষ্ট কৰে। এই সিদ্ধান্তসমূহক ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ (ইউডিএফ) নিৰ্বাচনী প্ৰতিশ্ৰুতি ত্বৰান্বিত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে দেখা গৈছে।
সোমবাৰৰ পৰা কেৰালাত আৰম্ভ হৈছে এক নতুন ৰাজনৈতিক অধ্যায়। কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ মিত্ৰজোঁট ৰাজ্যত পুনৰ ক্ষমতালৈ আহিছিল এক দশকৰ পাছত। ভি.ডি. সতীশনে কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমখন কেবিনেট বৈঠকত অধ্যক্ষতা কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী সতীছানে সংবাদ মাধ্যমক অৱগত কৰে যে কেবিনেটে ইন্দিৰা নিশ্চয়তা কাৰ্যসূচীৰ অধীনত কেৰেলা ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছত মহিলাসকলৰ বাবে বিনামূলীয়া যাত্ৰা আৰম্ভ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ১৫ জুনৰ পৰা কাৰ্যকৰী কৰিব চৰকাৰে। যোগ্যতা, কাৰ্য্যকৰী পদ্ধতি, আৰু অন্যান্য নিৰ্দেশনাৰ সম্পৰ্কে বিতং তথ্য পিছত প্ৰকাশ কৰা হ'ব। মুখ্যমন্ত্ৰী ভি.ডি. সতীশনে উল্লেখ কৰে যে মহিলাসকলৰ অৰ্থনৈতিক অংশগ্ৰহণ আৰু তেওঁলোকৰ মুক্ত চলাচল নিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে ৰাজহুৱা পৰিবহণত বিনামূলীয়া যাত্ৰাই লাখ লাখ মহিলাক প্ৰত্যক্ষভাৱে আৰ্থিক সকাহ প্ৰদান কৰিব আৰু শিক্ষা, কৰ্মসংস্থাপন, আৰু অন্যান্য অত্যাৱশ্যকীয় কামৰ বাবে অধিক সহজে যাত্ৰা কৰিবলৈ সক্ষম কৰিব। চৰকাৰৰ মতে এই আঁচনিখন মহিলা সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হ’ব।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এটা সুকীয়া নির্দিষ্ট বিভাগ স্থাপনৰ প্রস্তাৱতো কেবিনেটে অনুমোদন জনাইছে ৷ এই পদক্ষেপ দেশৰ ভিতৰতে প্ৰথমটো হ’ব। এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী সতীশনে কয় যে ৰাজ্য চৰকাৰে বৃদ্ধসকলৰ কল্যাণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰ্হি অধ্যয়ন কৰিব, বিশেষকৈ জাপানৰ জেৰিয়াট্ৰিক কেয়াৰ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি। তেওঁ কয় যে যিকোনো সভ্য সমাজে নিজৰ বয়োজ্যেষ্ঠসকলৰ লগত কেনে ব্যৱহাৰ কৰে তাৰ পৰাই যিকোনো সভ্য সমাজৰ পৰিচয় নিৰ্ণয় হয়। মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে যে তেওঁৰ চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক সন্মানজনক, সুৰক্ষিত, আৰু সৰ্বাংগীন পৰিৱেশ গঢ়ি তোলাৰ দিশত অধ্যৱসায়ীভাৱে কাম কৰিব। তেওঁ কয় যে স্বাস্থ্য, সামাজিক সুৰক্ষা, বৃদ্ধসকলৰ যত্নৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, কেবিনেটে বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীৰ সন্মানীয় ধন আৰু কল্যাণমূলক পৰিশোধ বৃদ্ধি, আশা কৰ্মীক অতিৰিক্ত ৩,০০০ ₹ প্ৰদান, আৰু অংগনবাড়ী শ্ৰমিকৰ মাহিলী সন্মান ১,০০০ ₹ বৃদ্ধিৰ প্ৰস্তাৱতো অনুমোদন জনাইছে। ইয়াৰ উপৰিও মধ্যাহ্ন ভোজনৰ ৰান্ধনী, নেনী, আৰু প্ৰাক-প্ৰাথমিক শিক্ষকৰ সন্মানীয়ত ১০০০ টকাকৈ বৃদ্ধিৰ কথা ঘোষণা কৰা হয়। মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্যৰ অর্থনৈতিক পৰিস্থিতি উন্নত হোৱাৰ লগে লগে চৰকাৰে ভৱিষ্যতে আৰু অধিক কল্যাণমূলক আঁচনিৰ কথা বিবেচনা কৰিব৷ তেওঁ ইংগিত দিয়ে যে চৰকাৰে সমাজৰ দুৰ্বল আৰু আৰ্তজনৰ বাবে অধিক আঁচনি ৰূপায়ণ কৰিব পাৰে।
তেওঁ কয় যে কেবিনেট বৈঠকত নৱ কেৰালা যাত্ৰাৰ সময়ত আৰক্ষীৰ অতিমাত্ৰা অভিযোগৰ বিশেষ তদন্তৰ সিদ্ধান্তও লোৱা হৈছে। অভিযোগসমূহৰ নিৰপেক্ষ তদন্তৰ অন্তত যদি কোনো অনিয়ম ধৰা পৰে তেন্তে দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশাসনিক নিযুক্তিৰ ক্ষেত্ৰতো অনুমোদন জনায়। জ্যেষ্ঠ বিধায়ক জি সুধাকৰণক প্ৰ’-টেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে জয়জু বাবুক ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে, আৰু টি আছাফ আলীক বিচাৰ বিভাগৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। এই নিযুক্তিসমূহ নতুন চৰকাৰৰ প্ৰশাসনিক কৌশলৰ এক মূল অংশ হিচাপে বিবেচিত হৈছে।
মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে পুৱা ভি.ডি. তিৰুৱনন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সথিছানে। ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে তেওঁক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। লগতে ২০ জনীয়া কেবিনেটেও শপত গ্ৰহণ কৰে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে চৰকাৰে প্ৰথম দিনাই ঘোষণা কৰা জনকল্যাণমূলক আঁচনিসমূহে স্পষ্টভাৱে ইংগিত দিয়ে যে নতুন চৰকাৰে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰি নিজৰ সক্ৰিয় আৰু কল্যাণমুখী ভাবমূৰ্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া