প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাঅভিযান আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ দিকদৰ্শন তথা মুকলি কাৰ্যসূচী
শোণিতপুৰ, ১৮ মে'' (হি.স.)। আজি শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাঅভিযান আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ অধীনত আগন্তু
প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাঅভিযান আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ দিকদৰ্শন তথা মুকলি কাৰ্যসূচী


শোণিতপুৰ, ১৮ মে' (হি.স.)। আজি শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাঅভিযান আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ অধীনত আগন্তুক “জন ভাগিদাৰী – সবছে দুৰ, সবছে পেহলে” অভিযানৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ দিকদৰ্শন তথা মুকলি কাৰ্যসূচী আয়ুক্ত কাৰ্যালয়ৰ ১নং সভাকক্ষত অনুষ্ঠিত হয়।

সভাত ভাষণ দি জিলা আয়ুক্ত গৰাকীয়ে সকলো অংশীদাৰ বিভাগক এই অভিযানক চৰকাৰী জনকল্যাণমূলক আঁচনি আৰু প্ৰয়োজনীয় ৰাজহুৱা সেৱাসমূহ প্ৰতি গৰাকী হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ সুযোগ হিচাপে ব্যৱহাৰ কৰি চিনাক্ত কৰা জনজাতীয় গাঁওসমূহত ১০০ শতাংশ পৰিপূৰ্ণতা নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ প্ৰচাৰৰ সময়ছোৱাত সকলো বিভাগকে ঘনিষ্ঠ সমন্বয় বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে আৰু চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া (বিডিঅ’)ক শিবিৰ সমূহৰ ফলপ্ৰসূ পৰিচালনাৰ লগতে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে।

এই দিকদৰ্শন কাৰ্যসূচীৰ সময়ত ঢেকিয়াজুলিৰ সম-জিলা আয়ুক্ত তথা আইটিডিপি, তেজপুৰৰ প্ৰকল্প সঞ্চালক, শ্ৰী মানস জ্যোতি নাথে ১৮ মে’ ২০২৬ তাৰিখৰ পৰা ২৫ মে’ ২০২৬ তাৰিখলৈ নিৰ্ধাৰিত ৮ দিনীয়া জন ভগিদাৰী অভিযানৰ বিশদ ৰোডমেপ আৰু কাৰ্যকৰী পৰিকল্পনা দাঙি ধৰে। এই সভাত কাৰ্য্যকৰী সময়সীমা, বিভাগীয় দায়িত্ব, সজাগতামূলক কাৰ্যকলাপ আৰু সমগ্ৰ জিলাখনতে ক্ষেত্ৰ পৰ্যায়ৰ ৰূপায়ণ কৌশল উপস্থাপন কৰা হয় । জানিব পৰা মতে, ২০টা চিনাক্তকৃত আদি সেৱা কেন্দ্ৰ (এ এছ কে)ৰ ভিতৰত ১৯ আৰু ২০ মে’, ২০২৬ তাৰিখে দুটা পৰ্যায়ত দুয়োটা দিনতে ক্ৰমে পুৱা ১০:৩০ বজাত আৰু দুপৰীয়া ১:৩০ বজাত পাঁচটাকৈ শিবিৰৰ অভিযান চলোৱা হ’ব। চিনাক্ত কৰা আদি সেৱা কেন্দ্ৰসমূহৰ ভিতৰত আছে চপাই জিপি কাৰ্যালয়, বাতাচিপুৰ পুৰণি জিপি কাৰ্যালয়, মাজৰৌমাৰী জিপি কাৰ্যালয়, গড়মৰা জিপি কাৰ্যালয়, ভোটপাৰা জিপি কাৰ্যালয়, ভালুকমাৰী জিপি কাৰ্যালয়, ৰঙাজান জিপি কাৰ্যালয়, ঘোৰামাৰী জিপি কাৰ্যালয়, মানশিৰি জিপি কাৰ্যালয়, কলনী জিপি কাৰ্যালয়, নাহৰবাৰী জিপি কাৰ্যালয়, বামুন পুখুৰী জিপি কাৰ্যালয়, চাৰিদুৱাৰ জিপি কাৰ্যালয়, পিৰাকাটা জিপি কাৰ্যালয়, পশ্চিম বৰগাওঁ জিপি কাৰ্যালয়, বৰগাওঁ জিপি কাৰ্যালয়, পূব-বৰগাঁও জিপি কাৰ্যালয়, বান্দৰমাৰী জিপি কাৰ্যালয়, পশ্চিম মুঢ়াদল জিপি কাৰ্যালয় আৰু দক্ষিণ মুঢ়াদল জিপি কাৰ্যালয়।

এই অভিযানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, গ্ৰাম্য উন্নয়ন, জনস্বাস্থ্য কাৰিকৰী (জল শক্তি), মহিলা আৰু শিশু উন্নয়ন, এ পি ডি চি এল (শক্তি আৰু নৱীকৰণযোগ্য শক্তি), কৃষি আৰু কৃষক কল্যাণ আৰু শিক্ষাকে ধৰি মূল বিভাগসমূহৰ দ্বাৰা সমন্বিত ক্ষেত্ৰভিত্তিক কাম-কাজৰ জৰিয়তে কল্যাণমূলক আঁচনিৰ পৰিপূৰ্ণতা আৰু সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যেনে চেল স্ক্ৰীনিং, পি এম এ ৱাই-জি, জল জীৱন মিছন, পোষণ অভিযান, পি এম-কিশান, বিদ্যালয়ত নামভৰ্তি অভিযান, বিদ্যুৎ সংযোগ, পানীৰ গুণাগুণ সজাগতা আৰু অন্যান্য হিতাধিকাৰীমুখী আঁচনি। দিকদৰ্শন কাৰ্যসূচীত আৰু অৱগত কৰে যে ২১ মে’, ২০২৬ তাৰিখৰ পৰা ২৩ মে’, ২০২৬ তাৰিখলৈ পুৱা ১০:০০ বজাৰ পৰা মুঠ ২০ খন আদি সেৱা কেন্দ্ৰত একেলগে জন শুনৱাই (ৰাজহুৱা শুনানি) অনুষ্ঠিত হ’ব, যাৰ বাবে অভিযোগ নিৰাময়, সেৱা পৰীক্ষণ আৰু জনসাধাৰণৰ মতামত গ্ৰহণৰ ব্যৱস্থা কৰা হ’ব।

সভাত অতিৰিক্ত জিলা আয়ুক্তদ্বয় শ্ৰী ত্ৰিদিব ৰয়, শ্ৰী জেম্ছে আইন্দ, চক্ৰ বিষয়া সকল, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, খণ্ড উন্নয়ন বিষয়া সকল’, জিলা তথ্য আৰু জনসংযোগ বিষয়া’, জনস্বাস্থ্য কাৰিকৰী, মহিলা আৰু শিশু উন্নয়ন, কৃষি, এপিডিচিএল, এছএছএকে ধৰি অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande