প্ৰধানমন্ত্ৰী মোদীৰ নৰৱেৰ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ, দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ে চৰ্চা
অছলো, ১৮ মে’(হি.স.)। সোমবাৰে অছল’ৰ ৰয়েল পেলেচত নৰৱেৰ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োগৰাকী নেতাই ভাৰত আৰু নৰৱেৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বিষয
प्रधानमंत्री नरेन्द्र मोदी सोमवार को ओस्लो स्थित रॉयल पैलेस में नॉर्वे के राजा हेराल्ड पंचम से मुलाकात करते हुए


অছলো, ১৮ মে’(হি.স.)। সোমবাৰে অছল’ৰ ৰয়েল পেলেচত নৰৱেৰ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োগৰাকী নেতাই ভাৰত আৰু নৰৱেৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীৰ হৈ নৰৱেৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰশংসা কৰে। তেওঁ কয় যে গণতন্ত্ৰ, আইনৰ শাসন, জনকেন্দ্ৰিক শাসন ব্যৱস্থাৰ দৰে ভাগ-বতৰা কৰা মূল্যবোধৰ ওপৰত ভিত্তি কৰি ভাৰত আৰু নৰৱেৰ মাজত বন্ধুত্ব অধিক শক্তিশালী হৈয়েই আছে।

বৈঠকত দুয়োপক্ষই নতুন প্ৰযুক্তিকে ধৰি বিভিন্ন খণ্ডত ভাৰতীয় আৰু নৰৱেৰ কোম্পানীয়ে কৰি থকা উল্লেখযোগ্য কামৰ বিষয়েও আলোচনা কৰে।

প্ৰধানমন্ত্ৰী মোডীৰ সন্মানত পঞ্চম ৰজা হাৰাল্ডেও দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে তেখেতে আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande