গোসাইগাঁৱত প্ৰচণ্ড ধুমুহা
গোসাইগাওঁত প্ৰচণ্ড ধুমুহা।
গোসাইগাঁৱত প্ৰচণ্ড ধুমুহা


কোকৰাঝাৰ, ১৮ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত যোৱা কালি সন্ধিয়া প্ৰচণ্ড ধুমুহাই আতংকৰ সৃষ্টি কৰে । ৰাজপথত উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ । ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয় ৷

গোসাইগাঁৱৰ ঠাণ্ডাবজাৰত ছোলাৰ ষ্ট্ৰিট লাইটৰ খুটা উভলি পৰিল দোকান আৰু বাইকৰ ওপৰত । গোসাঁইগাঁৱৰ গুৰুফেলা, ঠাণ্ডাবাজাৰ, কচুগাওঁ, গুৰুফেলা আদি বিভিন্ন ঠাইত ৰাজপথত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাত যোগাযোগ বিচ্ছিন্ন ৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰো বিভিন্ন ঠাইত পৰি আছে গছ । ভয়ংকৰ ঘূৰ্ণীবতাহত হাহাকাৰময় পৰিস্থিতি গোসাইগাওঁৰ বিভিন্ন অঞ্চলত। ধুমুহাৰ ফলত গোসাঁইগাঁৱৰ বিভিন্ন অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande