ধুবুৰী জিলাৰ চাপৰত ধুমুহা-বৰষুণৰ তাণ্ডৱত যাত্ৰীবাহী বাছৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ
ধুবুৰী জিলাৰ চাপৰত ধুমুহা-বৰষুণৰ তাণ্ডৱত প্ৰকাণ্ড গছ উভালি পৰিল যাত্ৰীবাহী বাছৰ ওপৰত।
ধুবুৰী জিলাৰ চাপৰত ধুমুহা-বৰষুণৰ তাণ্ডৱত যাত্ৰীবাহী বাছৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ


ধুবুৰী, ১৮ মে’ (হি.স.): ধুবুৰী জিলাৰ চাপৰত যোৱা কালি দেওবাৰে সন্ধিয়া ধুমুহা-বৰষুণৰ তাণ্ডৱত প্ৰকাণ্ড গছ উভালি পৰিল যাত্ৰীবাহী বাছৰ ওপৰত । দুটাকৈ ডাঙৰ গছ-গছনি উভালি পৰিল যাত্ৰীবাহী বাছ আৰু টেম্পুৰ ওপৰত । কথমপিহে প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ। পথৰ ওপৰত গছ বাগৰি পৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে অৱৰোধ হৈ পৰিছে।

চাপৰৰ মাজমজিয়াত কেইবা কিলোমিটাৰ জুৰি যান-জঁটৰ সৃষ্টি হৈছে। ধুমুহাৰ লগতে অহা প্ৰচণ্ড শিলাবৃষ্টিয়ে ঘৰ-দুৱাৰ, শস্য আৰু বহু বাহনৰ ক্ষতিসাধন কৰিছে । স্থানীয় ৰাইজে জনোৱা মতে, বিগত কেইবাবছৰৰ ভিতৰত এয়া সৰ্বাধিক প্ৰচণ্ড ধুমুহা । বহু অঞ্চলত বিদ্যুৎ খুঁটা আৰু তাঁৰ ছিঙি পৰাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে । চাপৰ প্ৰশাসনৰ দলে ইতিমধ্যে গছ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে। ধুমুহাই যথেষ্ট পৰিমাণৰ ক্ষয়-ক্ষতি কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande