দেববাদ্য খোল-তাল,আয়তীৰ উৰুলীয়ে উদুলিমুদুলি পৰিৱেশ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ
গোলাঘাট, ১৮ মে (হি.স.)। দেববাদ্য খোল-তাল,আয়তীৰ উৰুলীয়ে উদুলিমুদুলি পৰিৱেশ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ৷পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বিগত বৰ্ষৰ দৰে এইবাৰো আঠখেলীয়া নামঘৰত অনুষ্ঠিত হয় বাৰ্ষিক পানী তোলা সবাহ৷ এই উপলক্ষে উখলমাখল পৰিৱেশে বি
দেববাদ্য খোল-তাল,আয়তীৰ উৰুলীয়ে উদুলিমুদুলি পৰিৱেশ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ


গোলাঘাট, ১৮ মে (হি.স.)। দেববাদ্য খোল-তাল,আয়তীৰ উৰুলীয়ে উদুলিমুদুলি পৰিৱেশ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ৷পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বিগত বৰ্ষৰ দৰে এইবাৰো আঠখেলীয়া নামঘৰত অনুষ্ঠিত হয় বাৰ্ষিক পানী তোলা সবাহ৷

এই উপলক্ষে উখলমাখল পৰিৱেশে বিৰাজ কৰে নামঘৰ চৌহদ৷নামঘৰত ভকত-বৈষ্ণৱ,আইসকলে সিংহাসনৰ সন্মুখত আশিস লৈ নামঘৰৰ পৰা শ্ৰীশ্ৰীআঠখেলীয়া আঞ্চলিক শিৱ মন্দিৰৰ সমীপৰ কাকডোঙা নদী ঘাটলৈ গায়ন-বায়ন,ঢোলেদগৰে আয়তীয়ে নাম গাই পানী তুলিবলৈ যায়৷এই কাৰ্যসূচীত আঠখেলৰ আইসকলৰ লগতে বিভিন্ন প্ৰান্তৰ তিনি শতাধিক ভকত-বৈষ্ণৱ আৰু ধৰ্মপ্ৰাণ মহিলাই অংশগ্ৰহণ কৰে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande