
নতুন দিল্লী, ১৮ মে' (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী দিয়াৰ পিছতে বিশ্বৰ বজাৰসমূহত উত্তেজনা অব্যাহত আছে । পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ নিম্নগামীভাৱে বন্ধ হৈছিল। আজি ডাউ জ’নছৰ ফ্যুচাৰৰ ব্যৱসায়ো দুৰ্বল । পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত ইউৰোপীয় বজাৰসমূহো হেঁচাত আছিল । এছিয়াৰ বজাৰসমূহতো আজি সাধাৰণ বিক্ৰীৰ ধাৰা দেখা গৈছে ।
ইৰাণৰ সৈতে শান্তি চুক্তি নহ’লে পুনৰ কঠোৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয় যে আমেৰিকাই ইতিবাচক চুক্তি বিচাৰে, কিন্তু যদি কোনো উপযুক্ত প্ৰস্তাৱ নাপায় তেন্তে ইৰাণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই সতৰ্কবাণীই পশ্চিম এছিয়াত পুনৰ উত্তেজনাৰ সম্ভাৱনা বৃদ্ধি কৰিছে, যাৰ ফলত বিশ্বৰ বজাৰসমূহত ভয়ৰ ভাৱৰ সৃষ্টি হৈছে । এই আশংকাৰ বাবেই পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ নিম্নগামীভাৱে বন্ধ হৈ পৰিছিল। এছ এণ্ড পি ৫০০ সূচকাংক ৯২.৭৪ পইণ্ট বা ১.২৪ শতাংশ হ্ৰাস পাই ৭,৪০৮.৫০ পইণ্টত বন্ধ হয় । একেদৰে নাছডাক ৪১০.০৮ পইণ্ট বা ১.৫৪ শতাংশ হ্ৰাস পাই পূৰ্বৰ অধিবেশন ২৬,২২৫.১৪ পইণ্টত শেষ হয় । বৰ্তমান ডাউ জ’নছ ফিউচাৰছৰ মূল্য ৪০৭.৮০ পইণ্ট বা ০.৮৩ শতাংশ হ্ৰাস পাই ৪৯,১১৮.৩৭ পইন্ট হৈছে ।
ইউৰোপীয় বজাৰসমূহতো পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত বিক্ৰীৰ হেঁচা অব্যাহত আছিল। এফ টি এছ ই সূচকাংক ১৭৭.৫৬ পইণ্ট বা ১.৭৪ শতাংশ হ্ৰাস পাই ১০,১৯৫.৩৭ পইণ্টত বন্ধ হয় । একেদৰে চিএচি সূচকাংক ১২৯.৭২ পইণ্ট বা ১.৬৩ শতাংশ হ্ৰাস পাই ৭,৯৫২.৫৫ পইণ্টত বন্ধ হয়। ইয়াৰ উপৰিও ডেক্স সূচকাংক ৫০৫.৬৯ পইণ্ট বা ২.১১ শতাংশ হ্ৰাস পাই ২৩,৯৫০.৫৭ত বন্ধ হয়।
এছিয়াৰ বজাৰসমূহতো আজিও অব্যাহত আছে হেঁচা। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৮খন বজাৰত ৰঙা সূচকৰ ব্যৱসায় চলি থকাৰ বিপৰীতে এটা সূচকাংকে শক্তিশালী ৰূপত থিয় দিছে । এছিয়াৰ একমাত্ৰ বজাৰ কস্পি সূচকাংক বৰ্তমান ০.২৫ শতাংশ বৃদ্ধিৰে ৭,৫৪৭.৭২ত ব্যৱসায় কৰা হৈছে ।
আনহাতে, গিফ্ট নিফটিৰ মূল্য ১৬০ পইণ্ট বা ০.৬৭ শতাংশ হ্ৰাস পাই ২৩,৫৪৮ ত ব্যৱসায় কৰা হৈছে। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.৫৩ শতাংশ হ্ৰাস পাই ৪,৯৬২.৫৪ত উপনীত হৈছে। জাকাৰ্টা কম্পোজিট সূচকাংকতো আজি যথেষ্ট হ্ৰাস পাইছে। বৰ্তমান এই সূচকাংক ২৭০.২৫ পইণ্ট বা ৪.০২ শতাংশ হ্ৰাস পাই ৬,৪৫৩.০৭ পইণ্টৰ স্তৰত উপনীত হৈছে।
একেদৰে হাং চেং সূচকাংক ৪৩৬.৭৩ পইণ্ট বা ১.৬৮ শতাংশ হ্ৰাস পাই ২৫,৫২৬ পইণ্টৰ স্তৰত উপনীত হৈছে । ইয়াৰ উপৰিও টাইৱান ওজনযুক্ত সূচকাংক ৫০১.৩৯ পইণ্ট বা ১.২২ শতাংশ হ্ৰাস পাই ৪০,৬৭০.৯৭ পইণ্টত উপনীত হৈছে । ইয়াৰ উপৰিও নিকেই সূচকাংক ৬৭৮.২৯ পইণ্ট বা ১.১০ শতাংশ দুৰ্বলতাৰে ৬০,৭৩১ পইণ্টৰ স্তৰত, চাংহাই কম্পোজিট সূচকাংক ০.৩৪ শতাংশ হ্ৰাস পাই ৪,১২১.৫১ পইণ্টৰ স্তৰত আৰু ০.০৮ পইণ্ট হ্ৰাস পোৱাৰ পিছত এছ এণ্ড পি কম্পোজিট সূচকাংক ১,৫১৬.৭৫ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে শতাংশ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ