বনিয়াকুছিৰ পিতল শিল্পীয়ে সাজি উলিয়ায়ছে ৫০কেজি ওজনৰ বৃহৎ আকাৰৰ গোঁসাই কলচী আৰু এডাল কলগছ
সৰ্থেবাৰীৰ নিকটবৰ্তী বনিয়াকুছিৰ পিতল শিল্পী তথা অসম গৌৰব বটা প্ৰাপক হৰিদাস দাসে সাজি উলিয়ায়ছে ৫০কেজি ওজনৰ বৃহৎ আকাৰৰ গোঁসাই কলচী আৰু এডাল কলগছ ।
বনিয়াকুছিৰ পিতল শিল্পীয়ে সাজি উলিয়ায়ছে ৫০কেজি ওজনৰ বৃহৎ আকাৰৰ গোঁসাই কলচী আৰু এডাল কলগছ


বৰপেটা, ১৮ মে’ (হি.স.): বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিকটবৰ্তী বনিয়াকুছিৰ পিতল শিল্পী তথা অসম গৌৰব বঁটা প্ৰাপক হৰিদাস দাসে সাজি উলিয়ায়ছে ৫০কেজি ওজনৰ বৃহৎ আকাৰৰ গোঁসাই কলচী আৰু এডাল কলগছ । প্ৰায় দুমাহ ধৰি পত্নী, পুত্ৰআৰু কেইবাজনো পিতলৰ গঢ়শালৰ নিয়োজিত শিল্পীৰ হাতৰ পৰসত এই প্ৰকাণ্ড গোঁসাই কলচী আৰু কলগছডালৰ পূৰ্ণৰূপ পোৱাত এতিয়া চাবলৈ ভিৰ কৰিছে বৃহত্তৰ বনিয়াকুছিৰ স্থানীয় জনসাধাৰণে ।

ৰাজ্য চৰকাৰৰ অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱাৰ পিচতে দুগুণ উৎসাহেৰে পিতলৰ প্ৰকাণ্ড প্ৰকাণ্ড অৰ্ডাৰৰ কাম কৰি আমাৰ মাজৰ পৰা হেৰাই যাব লগা আমাৰ গৌৰব পিতল শিল্পবিধৰ গঢ়শালত মৃত্যুঘন্টাৰ মাজতে এনেদৰে শিল্পবিধ জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা কৰিছে শিল্পীগৰাকীয়ে । বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন ঠাইত হৰিদাস দাসৰ সৃষ্টিৰাজি প্ৰদৰ্শিত হৈছে বিভিন্ন অনুষ্ঠানত । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়ত অসম গৌৰব বঁটা প্ৰাপক কুটিৰ শিল্পী গৰাকীয়ে ভবিষ্যতে ৰাষ্ট্ৰীপতি বটাৰে সন্মানিত কৰে তাৰ বাবে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী তথা চৰকাৰখনলৈ এই আশাৰে বাট চাইছে কুটীৰ শিল্পীগৰাকীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande