
মানিকাচৰ, ১৮ মে (হি.স.)। হাটশিঙিমাৰীত হাজিৰহাট-ধুবুৰী সংযোগী যাত্ৰীবাহি ফেৰী খনত এক অঘটন সংঘটিত হয়। যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷আজি পুৱা হাজিৰহাটৰ পৰা ধুবুৰীলৈ প্ৰায় শতাধিক যাত্ৰীলৈ ধুবুৰীলৈ ৰাওনা হৈছিল ৷হাজিৰহাট ঘাটৰ পৰা কিছু দূৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দিয়া বাঁহৰ বান্ধত খুন্দা খাই ফেৰী খনৰ তলিত বৃহৎ আকাৰৰ ফাট মেলি ফেৰী খনৰ ভিতৰত পানী সোমাবলৈ আৰম্ভ কৰে ৷
লাহে লাহে ফেৰী খনৰ ভিতৰত পানী অধিক জমা হোৱাত যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃ্ষ্টি হয় ৷ পিছত কোনোমতে নদীৰ পাৰত ফেৰী খন লগাই কোনোমতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৷পিছত প্ৰায় ১.৩০ মিনিট পলম কৰি ফেৰী খনৰ ফাট কোনোমতে মেৰামতি কৰি ধুবুৰীলৈ বুলি পুনৰ ৰাওনা হয় যদিও একাংশ যাত্ৰী ফেৰী খনৰ পৰা নামি যায় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ