
চৰাইদেউ, ১৮ মে’ (হি.স.): চৰাইদেউৰ টেঙাপুখুৰীৰ ধামধূলিত যোৱা কালি দেওবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত ধামধূলি গাঁৱৰ ৱাৰ্ড সদস্যা মধুস্মিতা ৰাজকুমাৰীৰ ঘৰত সংঘটিত অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় বাসগৃহটো ৷
এই জুইত জাহ যায় লক্ষাধিক টকাৰ সা সম্পত্তি ৷ ঘৰত কোনো লোক উপস্থিত নথকা সময়ত সংঘটিত হয় এই অঘটন । অৱশ্য়ে অগ্নি কাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত মাহমৰা সমষ্টিৰ নৱ- নিৰ্বাচিত বিধায়ক সূৰুয দিহিঙীয়া উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে আৰু ক্ষয়–ক্ষতিৰ বুজ লয় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ