বেংক জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ দীপক চিংগ্লা, কেজৰিৱালৰ ইয়াক ৰাজনৈতিক প্ৰতিশোধ আখ্যা
নতুন দিল্লী, ১৮ মে’ (হি.স.)। প্ৰৱৰ্তন সঞ্চালকালয়ে ১০০ কোটিৰো অধিক টকাৰ বেংক জালিয়াতিৰ গোচৰত আম আদমি পাৰ্টিৰ নেতা দীপক চিংগ্লাক গ্ৰেপ্তাৰ কৰিছে । মহেশ টিম্বাৰ প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত বিত্তীয় কেলেংকাৰীৰ তদন্তৰ সময়ত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে
प्रवर्तन निदेशालय (ईडी)


নতুন দিল্লী, ১৮ মে’ (হি.স.)। প্ৰৱৰ্তন সঞ্চালকালয়ে ১০০ কোটিৰো অধিক টকাৰ বেংক জালিয়াতিৰ গোচৰত আম আদমি পাৰ্টিৰ নেতা দীপক চিংগ্লাক গ্ৰেপ্তাৰ কৰিছে । মহেশ টিম্বাৰ প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত বিত্তীয় কেলেংকাৰীৰ তদন্তৰ সময়ত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কয় যে দীপক চিংগ্লাক কোনো অন্যায়ৰ বাবে গ্ৰেপ্তাৰ কৰা হোৱা নাই, বৰঞ্চ তেওঁ বিজেপিৰ বিৰুদ্ধে কাম কৰি থকা আৰু যোগদান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেহে গ্ৰেপ্তাৰ কৰা হৈছে। দীপক সাহসী আৰু দেশৰ বাবে যুঁজিছে।

সোমবাৰে পুৱা ইডিৰ দলটোৱে দিল্লী আৰু গোৱাৰ ৭টা ভিন্ন স্থানত অভিযান চলায়। অভিযানৰ সময়ত পোৱা প্ৰমাণৰ ভিত্তিত চিংগলাক আটক কৰা হয়। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা পঞ্জাৱৰ মন্ত্ৰী সঞ্জীৱ অৰোৰাৰ সৈতেও এই গোচৰৰ সম্পৰ্ক আছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande