


তামুলপুৰ, ১৮ মে (হি.স.)।কেন্দ্ৰীয় চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাঅভিযান আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান আঁচনিৰ সফল ৰূপায়ণ সম্পৰ্কে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়।
জিলা আয়ুক্ত চিমি কৰণ, আই এ এছ-ৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠক খনত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মী আৰু সংশ্লিষ্ট বিভাগ সমূহৰ প্ৰতিনিধি সকল উপস্থিত থাকে। বৈঠকত ১৯ মে’ৰ পৰা ২৫ মে’লৈকে চলিবলগীয়া উক্ত অভিযানৰ কাৰ্যসূচী, জনসচেতনতা বৃদ্ধি, চৰকাৰী আঁচনিৰ সুবিধা উপভোক্তা সকলৰ ওচৰলৈ লৈ যোৱাৰ ব্যৱস্থা আদি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়।
বৈঠকত জিলা খনৰ ৪৫টা ভিচিডিচিৰ জনজাতীয় অঞ্চল সমূহত স্বাস্থ্য, শিক্ষা, জীৱিকাৰ সুযোগ আৰু বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। লগতে গাঁও পৰ্যায়ত অধিক প্ৰচাৰ-প্ৰসাৰ চলাই উপভোক্তাসকলক আঁচনিসমূহৰ বিষয়ে সজাগ কৰাৰ ক্ষেত্ৰতো সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়া হয়। জিলা প্ৰশাসনে অভিযান সফল কৰাৰ বাবে সকলো বিভাগক সমন্বয়ৰ ভিত্তিত কাম কৰাৰ আহ্বান জনায়। জিলা প্ৰশাসনৰ আহ্বানমৰ্মে সংশ্লিষ্ট বিভাগসমূহে জিলাখনৰ জনজাতি অধ্যুষিত অঞ্চলসমূহত ১৯ মে'ৰ পৰা সপ্তাহজোৰা সজাগতামূলক অভিযান আৰম্ভ কৰিব। এক প্ৰেছ বিজ্ঞপ্তিযোগে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক এই কথা জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ