ডিব্ৰুগড় মেডিচিন ডিলাৰ এচোছিয়েচনে সমগ্ৰ জিলাখনতে অহা ২০ মে'ত বন্ধ ৰাখিব সমুহ ফাৰ্মাচী
ডিব্ৰুগড়, ১৮ মে (হি.স.)। অনলাইন ঔষধ যোগান বা ই-ফাৰ্মেচিৰ (E-pharmacy) ব্যৱসায় বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়টো বন্ধ থাকিব ফাৰ্মাচী। ডিব্ৰুগড় মেডিচিন ডিলাৰ এচোছিয়েচনে সমগ্ৰ জিলাখনতে অহা ২০ মে''ত বন্ধ ৰাখিব সমুহ ফাৰ্মাচী। দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী
ডিব্ৰুগড় মেডিচিন ডিলাৰ এচোছিয়েচনে সমগ্ৰ জিলাখনতে অহা ২০ মে'ত বন্ধ ৰাখিব সমুহ ফাৰ্মাচী


ডিব্ৰুগড়, ১৮ মে (হি.স.)। অনলাইন ঔষধ যোগান বা ই-ফাৰ্মেচিৰ (E-pharmacy) ব্যৱসায় বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়টো বন্ধ থাকিব ফাৰ্মাচী। ডিব্ৰুগড় মেডিচিন ডিলাৰ এচোছিয়েচনে সমগ্ৰ জিলাখনতে অহা ২০ মে'ত বন্ধ ৰাখিব সমুহ ফাৰ্মাচী। দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিষয়ে পাইকাৰী ব্যৱসায়ী সন্থাই ডিব্ৰুগড়ত সংবাদমেলৰ জৰিয়তে তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰি অনলাইন যোগান ব্যৱস্থাত সঠিক নিয়ন্ত্ৰণ নথকাৰ বাবে ভুৱা বা নিম্নমানৰ ঔষধ যোগান ধৰা অভিযোগ উত্থাপিত কৰে।

মানৱ স্বাস্থ্যৰ বাবে অতি বিপজ্জনক ভাৱে প্ৰেচক্ৰিপচন (Prescription) নোহোৱাকৈয়ে ঔষধ যোগান ধৰা প্ৰক্ৰিয়া কিমান গ্ৰহণযোগ্য বুলি অভিযোগ কৰি বহু সময়ত ফেক প্ৰেচক্ৰিপচন জৰিয়তে নিচাযুক্ত ঔষধ বহু সংগ্ৰহ কৰা বুলি কয়। আনহাতে এই অনলাইন ব্যৱস্থাৰ বাবে স্থানীয়ভাৱে পঞ্জীয়নভুক্ত লক্ষাধিক ফাৰ্মাচী বা ঔষধৰ দোকানৰ ব্যৱসায় ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উত্থাপিত কৰে।যাৰ ফলত ফাৰ্মাচী ব্যৱসায়ৰ লগত জড়িত বহু কৰ্মচাৰীৰ জীৱিকা সংকটত পৰাৰ আশংকা আছে।

আনহাতে বৰ্তমানে ফাৰ্মাচী শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থী সকলৰ জীৱন অন্ধকাৰ হ'ব বুলি আশংকা প্ৰকাশ কৰে। বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

সংবাদ মেলত সভাপতি বিশ্ব বৰা, সম্পাদক আস্তমুদ্দিন আহমেদ, দেৱকুমাৰ দত্ত,বিজু নাউকা সহ বিষয়ববীয়া সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande