ধিঙত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এটা কুখ্যাৎ ড্ৰাগছ সৰবৰাহকাৰী
ধিঙত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এটা কুখ্যাৎ ড্ৰাগছ সৰবৰাহকাৰী ।
ধিঙত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এটা কুখ্যাৎ ড্ৰাগছ সৰবৰাহকাৰী


নগাঁও, ১৮ মে’ (হি.স.): নগাঁও জিলাৰ ধিঙত যোৱা কালি দেওবাৰে সন্ধিয়া ড্ৰাগছ সহ গ্ৰেপ্তাৰ হয় এটা কুখ্যাৎ ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মন্নাছ আলী বুলি জানিব পৰা গৈছে । ঘৰ ধিঙৰ নিজ ধিঙত।

ধিং আৰক্ষীয়ে গৃহৰক্ষী বাহিনীৰ সহযোগত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক হাতে লোটে ধৰিবলৈ সক্ষম হয় । ধৃত লোকজনৰ পৰা জব্দ কৰা নিষিদ্ধ ড্ৰাগছ খিনিৰ পৰিমাণ ৫.১১ গ্ৰাম বুলি কোৱা হৈছে । দীর্ঘ দিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল ড্ৰাগছ সৰবৰাহকাৰীটোৱে । সম্প্ৰতি ধৃত সৰবৰাহকাৰীটোক ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande