
ধুবুৰী, ১৮ মে (হি.স.)। প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত চাপৰৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হয়। ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ কাষত উপস্থিত হয় ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ বিধায়ক জীৱেশ ৰায়। শপত গ্ৰহণৰ পূৰ্বে বিধায়ক গৰাকী ৰাইজৰ কাষত থিয় হোৱাত ৰাইজে বিধায়ক গৰাকীৰ এনে তৎপৰতাৰ শলাগ লয়।
ধুমুহাৰ ফলত আঘাতপ্ৰাপ্ত এগৰাকী বৃদ্ধাক চাপৰ চিকিৎসালয়ত সাক্ষাৎ কৰি খবৰ লোৱাৰ লগতে নিজাববীয়াকৈ কিছু আৰ্থিক অনুদান আগবঢ়ায় বিধায়ক গৰাকীয়ে। তাৰ পিছতে চাপৰৰ বিভিন্ন অঞ্চল সমূহ পৰিদৰ্শন কৰি নিজা ববীয়াকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে চৰকাৰী বাবে আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে বিধায়কজনে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা