তামুলপুৰ তথা বাক্সাৰ শান্তিপুৰত খাৰুৱা তেলৰ সন্ধান লাভ
পেট্ৰ'ল ডিজেলৰ নাটনিৰ মাজতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ।
তামুলপুৰ তথা বাক্সাৰ শান্তিপুৰত খাৰুৱা তেলৰ সন্ধান লাভ


তামুলপুৰ, ১৮ মে’ (হি.স.): পেট্ৰ'ল ডিজেলৰ নাটনিৰ মাজতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ। অসমৰ ভূমিত ওলাইছে খাৰুৱা তেলৰ সন্ধান। ভাৰতীয় তেল নিগমে চলাইছে খনন কাৰ্য। তামুলপুৰ তথা বাক্সাৰ শান্তিপুৰত ভাৰতীয় তেল নিগমে (OIL) খাৰুৱা তেলৰ সন্ধান লাভ কৰিছে। বিগত প্ৰায় ৬ মাহ ধৰি চলোৱা খনন কাৰ্যৰ অন্তত প্ৰায় ২৯ বিঘা কৃষিভূমিত খনিজ তেলৰ ভাণ্ডাৰৰ সম্ভাৱনীয়তা নিশ্চিত কৰি অনুসন্ধানৰ কাম আগুৱাই নিয়া হৈছে।

নামনি অসমৰ অৰ্থনীতিলৈ আশাৰ বতৰা কঢ়িয়াই অনা এই অনুসন্ধান স্থলী তামুলপুৰ আৰু বাক্সা জিলাৰ সীমান্তবৰ্তী শান্তিপুৰ অঞ্চলত।প্ৰতিষ্ঠান ভাৰতীয় তেল নিগম (OIL)। পৰিসৰ প্ৰায় ২৯ বিঘা মাটি সামৰি এই অনুসন্ধান তথা খনন কাৰ্য চলোৱা হৈছে । নামনি অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ অন্বেষণে স্থানীয় লোকসকলৰ মাজত এক বৃহৎ আশাৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande