
চিৰাঙ, ১৮ মে (হি.স.)। চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত দুলিগাঁৱত অবৈধ বিলাতী সুৰাৰ ঘাটিত আৱকাৰী আৰু আৰক্ষীৰ অভিযান ।
বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা সহ নকল সুৰা প্ৰস্তুত কৰা সামগ্ৰী, মেচিন আদি জব্দ । বিভিন্ন ব্ৰেণ্ডৰ সুৰাৰ বটল, লেবেল সহ ১২০০ লিটাৰ ইএনএ ( বিলাতী সুৰা প্ৰস্তুত কৰা ৰষায়ন) জব্দ কৰে ।
চিৰাং আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক সহ আৱকাৰী বিভাগৰ বিষয়া সকলে অভিযান অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা