চিৰাঙত আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত উৎখাত বৃহৎ আকাৰৰ নকল সুৰা প্ৰস্তুত কৰা কাৰখানা
চিৰাং, ১৮ মে (হি.স.)। ব্ৰয়লাৰ কুকুৰা ফাৰ্মৰ আঁৰত মৃত্যুৰ বেহা ! চিৰাঙত আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত উৎখাত বৃহৎ আকাৰৰ নকল সুৰা প্ৰস্তুত কৰা কাৰখানা। চিৰাঙত আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত উৎখাত এটা বৃহৎ নকল সুৰাৰ কাৰখানা । এখন ব্ৰয
চিৰাঙত আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত উৎখাত বৃহৎ আকাৰৰ নকল সুৰা প্ৰস্তুত কৰা কাৰখানা


চিৰাং, ১৮ মে (হি.স.)। ব্ৰয়লাৰ কুকুৰা ফাৰ্মৰ আঁৰত মৃত্যুৰ বেহা ! চিৰাঙত আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত উৎখাত বৃহৎ আকাৰৰ নকল সুৰা প্ৰস্তুত কৰা কাৰখানা।

চিৰাঙত আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত উৎখাত এটা বৃহৎ নকল সুৰাৰ কাৰখানা । এখন ব্ৰয়লাৰ ফাৰ্মৰ আঁৰত একাংশ অসাধু চক্ৰই চলাই গৈছিল জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই নকল বিলাতী সুৰা প্ৰস্তুত কৰাৰ ক'লা বেহা। চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত ডুলিগাঁৱত নিৰ্বাচনৰ আগে আগে স্থাপন কৰা হৈছিল এই নকল বিলাতী সুৰা প্ৰস্তুত কৰা ফেক্টৰী ।

এক গোপন সূত্ৰৰ পম খেদি গুৱাহাটীৰ পৰা অহা আবকাৰী বিভাগ আৰু চিৰাং আৰক্ষীয়ে ডুলিগাঁৱত চলায় এক অতৰ্কিত অভিযান। এই যুটীয়া অভিযানতেই পোহৰলৈ আহে এই নকল বিলাতী সুৰা প্ৰস্তুত কৰাৰ ভয়ংকৰ তথ্য। ছুৰানা মুছাহাৰী নামৰ লোকজনৰ এখন ব্ৰয়লাৰ ফাৰ্মৰ ভিতৰত অতি সংগোপনে গঢ়ি তোলা হৈছিল অবৈধ সুৰা প্ৰস্তুতকৰণৰ এই বৃহৎ কাৰখানাটো।

জানিব পৰা মতে, বঙাইগাঁও চহৰৰ মুকেশ চাহু আৰু ৰাম প্ৰসাদ নামৰ দুই ব্যক্তিৰ ছত্ৰছায়াতে চলি আছিল এই সমগ্ৰ চক্ৰটো।

অভিযানকালত আৰক্ষী আৰু আবকাৰী বিভাগে জব্দ কৰিবলৈ সক্ষম হয় বিভিন্ন ব্ৰেণ্ডৰ সুৰাৰ বটলৰ লগতে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা বনোৱা মেচিন আৰু আনুষংগিক সামগ্ৰী। ইয়াৰ উপৰিও অভিযানকাৰী দলটোৱে জব্দ কৰে প্ৰায় ১২০০ লিটাৰ ই এন এ অৰ্থাৎ বিলাতী সুৰা বনোৱা কেঁচা সামগ্ৰী।

লক্ষ্যনীয় বিষয় যে আজি নকল সুৰা প্ৰস্তুত কৰা ঘাটিৰ এটা ম্যাদ উকলি যোৱা কেমিকেলৰ ড্ৰাম উদ্ধাৰ কৰা হৈছে । যিটো কেমিকেল ব্যবহাৰ কৰি বিভিন্ন জনপ্ৰিয় ব্যাণ্ডৰ নকল সুৰা প্ৰস্তুত কৰি বজাৰত মেলি দিছিল।

আটাইতকৈ ভয়ংকৰ কথাটো হ'ল, জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা এই নকল সুৰা সমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰা হোৱা নাছিল।

আবকাৰী বিভাগৰ মতে, এই সুৰা সেৱনৰ বাবে সম্পূৰ্ণ অনুপযোগী আৰু ইয়াৰ সেৱনে মাতি আনিব পাৰে ভয়ংকৰ বিপদ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande