শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডত আটক এজন সন্দেহযুক্ত লোক, চিবিআই উত্তৰ প্ৰদেশত পদক্ষেপ
কলকাতা, ১৮ মে’(হি.স.)। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ এজন সন্দেহযুক্ত লোকক কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ই আটক কৰিছে । সোমবাৰে উত্তৰ প্ৰদেশৰ এটা টোল প্লাজাত আটক কৰে সন্দেহজনক লোকজনক। তদন্
आरोपित


কলকাতা, ১৮ মে’(হি.স.)। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ এজন সন্দেহযুক্ত লোকক কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ই আটক কৰিছে । সোমবাৰে উত্তৰ প্ৰদেশৰ এটা টোল প্লাজাত আটক কৰে সন্দেহজনক লোকজনক। তদন্তকাৰী সংস্থাটোৰ ভিতৰৰ সূত্ৰ অনুসৰি সন্দেহজনক লোকজনে দিল্লী হৈ পলায়নৰ পৰিকল্পনা কৰিছিল।

চিবিআইৰ সূত্ৰই জনোৱা মতে, জিম্মাত থকা সন্দেহযুক্ত লোকজন হৈছে উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ বাসিন্দা ৰাজকুমাৰ সিং। দেওবাৰে উত্তৰ প্ৰদেশ আৰক্ষী আৰু চিবিআইৰ যৌথ দলে দিল্লীৰ স্বৰূপ নগৰ অঞ্চলৰ এটা ঘৰত অভিযান চলাইছিল যদিও সন্দেহজনক লোকজনক উদ্ধাৰ হোৱা নাছিল।

উল্লেখযোগ্য যে বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুদিন পিছতে যোৱা ৬ মে’ৰ নিশা উত্তৰ ২৪ পৰগনা জিলাৰ মধ্যগ্ৰাম অঞ্চলত চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰা হৈছিল। গাড়ী এখনত ড্ৰাইভাৰৰ কাষত বহি আছিল। মটৰ চাইকেলেৰে আহি আক্ৰমণকাৰীয়ে নিৰ্বিচাৰে গুলীচালনা কৰি পলায়ন কৰে। এই ঘটনাত চালকজনো আহত হয়।

স্থানীয় ৰাইজৰ সহায়ত চন্দ্ৰনাথ ৰথ আৰু চালকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে চন্দ্ৰনাথক মৃত ঘোষণা কৰে। ঘটনাৰ সময়ত ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ অত্যন্ত স্পৰ্শকাতৰ আছিল, পৰৱৰ্তী সময়ত শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

এই হত্যাকাণ্ডৰ তদন্তৰ বাবে ৰাজ্য আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল গঠন কৰে। তদন্তৰ সময়ত উত্তৰ প্ৰদেশৰ দুজন লোক আৰু বিহাৰৰ বাক্সাৰৰ এজন কথিত শ্বাৰপশ্বুটাৰক গ্ৰেপ্তাৰ কৰা হয়।

দেওবাৰে চন্দ্ৰনাথ ৰথৰ শ্ৰাদ্ধ অনুষ্ঠানৰ বাবে তেওঁৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। তেওঁ মৃতকৰ মাতৃ হাছিৰানী ৰথক আশ্বাস দিয়ে যে হত্যাকাৰীক শাস্তি দিয়া হ’ব। মুখ্যমন্ত্ৰী আৰু চিবিআইৰ তদন্তৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি উল্লেখ কৰি হাছিৰানী ৰাথে কয় যে তেওঁৰ পুত্ৰই ন্যায় লাভ কৰিব বুলি আশা কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande