
কোকৰাঝাৰ, ১৮ মে (হি.স.)। দেওবাৰে সন্ধিয়া অহা প্ৰচণ্ড ধুমুহা বৰষুণে খতিগ্ৰস্থ কৰে কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চল। ৰাজ্যৰ আন প্ৰান্তৰ দৰে গোসাঁইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তত সংঘটিত ধুমুহাত গছ গছনি ভাঙি - উভালি পৰে। ইয়াৰ লগতে বিদ্যুৎ খুঁটা আৰু তাঁৰ ভাঙি ছিঙি যোৱাত অন্ধকাৰ হৈ পৰে গোসাঁইগাঁওৰ একাধিক অঞ্চল। গোসাঁইগাঁওৰ কচুগাঁও থানাৰ বিভিন্ন অঞ্চলত ধুমুহাই ক্ষতি সাধন কৰে। ৰাইজে ইয়াক লৈ ব্যস্ত হৈ পৰে নিশা। ইপিনে বিদ্যুৎ যোগান বন্ধ হোৱাত আন্ধাৰ হোৱাত চোৰে সুবিধা বুজি গোহালিৰ পৰা গৰু চুৰি কৰি নিয়ে। কচুগাঁও থানাৰ পানবাৰী গাঁৱৰ প্ৰদীপ ৰায়ৰ গোহালিৰ পৰা দুটা গাই গৰু চোৰে চুৰি কৰি লৈ যায়। গৰু দুটা গোহালিৰ পৰা ওলাই কিছুদূৰ নিয়াৰ পিছত চাৰি চকীয়া বাহনত নিয়াৰ সন্দেহ ৰাইজৰ। ইয়াৰ পূৰ্বেও বহু স্থানত গৰু চুৰি হৈছিল যদিও ভুক্তভোগী সকলে আৰক্ষীৰ কাষ চাপিও কোনো সঁহাৰি লাভ কৰা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ