
বজালী, ১৮ মে’ (হি.স.): অৰুণাচল প্ৰদেশত মৃত্যু মুখত পৰে অসমৰ এজন চিআৰপিএফ জোৱান । জোৱান জন বজালীৰ কুৰোবাহা দাৰিয়াপাৰাৰ কমল তালুকদাৰ বুলি জানিব পৰা গৈছে ।
উল্লেখ্য় যে শণিবাৰে কৰ্তব্যৰত অৱস্থাত ঢলি পৰিছিল চিআৰপিএফ জোৱান জন । ঢলি পৰাৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে যোৱা কালি দেওবাৰে নিশা মৃত্যু ঘটে জোৱানজনৰ । জোৱান জনৰ মৃত্যুক লৈ সমগ্ৰ বজালীত শোকৰ ছাঁ বিৰাজ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ