চাপৰত বৰ্তমান লৈকে বিদ্যুৎ সেৱা ব্যাহত
ধুবুৰী, ১৮ মে (হি.স.)। চাপৰ অঞ্চলত যোৱা সন্ধিয়া অহা প্ৰচণ্ড ধুমুহা-বৰষুণে সৃষ্টি কৰিলে তাণ্ডৱ। প্ৰচণ্ড বতাহ আৰু মুষলধাৰ বৰষুণৰ ফলত চাপৰৰ বিভিন্ন এলেকাত বিস্তৰ ক্ষতিসাধন হোৱা দেখা যায়। চাপৰৰ বহু ঠাইত ধুমুহাৰ ফলত বহু দোকান-পোহাৰ আৰু বাসগৃহ ক্ষতিগ্ৰ
চাপৰত বৰ্তমান লৈকে বিদ্যুৎ সেৱা ব্যাহত


ধুবুৰী, ১৮ মে (হি.স.)। চাপৰ অঞ্চলত যোৱা সন্ধিয়া অহা প্ৰচণ্ড ধুমুহা-বৰষুণে সৃষ্টি কৰিলে তাণ্ডৱ। প্ৰচণ্ড বতাহ আৰু মুষলধাৰ বৰষুণৰ ফলত চাপৰৰ বিভিন্ন এলেকাত বিস্তৰ ক্ষতিসাধন হোৱা দেখা যায়। চাপৰৰ বহু ঠাইত ধুমুহাৰ ফলত বহু দোকান-পোহাৰ আৰু বাসগৃহ ক্ষতিগ্ৰস্ত হয়।

ধুমুহাৰ তীব্ৰ বেগত একাধিক ডাঙৰ গছ উভালি পৰে। উভালি পৰা গছ কিছুমান দোকান আৰু ঘৰৰ ওপৰত পৰাত টিনপাত, বেৰ আদি ভাঙি ব্যাপক ক্ষতি সাধন হয়। বহু ব্যৱসায়ীয়ে দোকানৰ সামগ্ৰী নষ্ট হোৱা বুলি জানিবলৈ দিয়ে। বৰ্তমান লৈকে বিদ্যুৎ সেৱা ব্যাহত হৈ আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande