মন্দিয়াত ৪খন বাহনত কঢ়িয়াই অনা ২৪ টাকৈ গৰু জব্দ
বৰপেটা, ১৮ মে (হি.স.)। মন্দিয়াত ৪খন বাহনত কঢ়িয়াই অনা ২৪ টাকৈ গৰু জব্দ।চোৰাংকৈ সৰবৰাহ কৰা বুলি সন্দেহ।বাঘবৰৰ ব্যক্তিগত খণ্ডৰ সাপ্তাহিক বজাৰৰ পৰা ৪ খনকৈ বলেৰো গাড়ীত ২৪ টাকৈ গৰু ভৰ্তি কৰি লৈ গৈ থকা অৱস্থাত মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত আগমন্দিয়াত
মন্দিয়াত ৪খন বাহনত কঢ়িয়াই অনা ২৪ টাকৈ গৰু জব্দ


বৰপেটা, ১৮ মে (হি.স.)। মন্দিয়াত ৪খন বাহনত কঢ়িয়াই অনা ২৪ টাকৈ গৰু জব্দ।চোৰাংকৈ সৰবৰাহ কৰা বুলি সন্দেহ।বাঘবৰৰ ব্যক্তিগত খণ্ডৰ সাপ্তাহিক বজাৰৰ পৰা ৪ খনকৈ বলেৰো গাড়ীত ২৪ টাকৈ গৰু ভৰ্তি কৰি লৈ গৈ থকা অৱস্থাত মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত আগমন্দিয়াত বৰপেটা জিলা আৰক্ষীয়ে জব্দ কৰাৰ লগতে গাড়ীত থকা ৫ জনকৈ ব্যাক্তিক আটক কৰি মন্দিয়া আৰক্ষী চকীলৈ লৈ আনে।

আৰক্ষীয়ে চোৰাংকৈ গৰু সৰবৰাহ কৰা বুলি সন্দেহ কৰি উক্ত গৰু আৰু ব্যাক্তি কেইজনক আটক কৰে। অভিযানত এ এছ ১৫ বি চি ১৯৯৯, এ এছ ০১ এছ চি ৩৭৯৯ , এ এছ ০১ টি চি ০৪৮৮, এ এছ ০১ আৰ চি ৯৫০৫ নম্বৰৰ তিনিখনকৈ বলেৰো পিকআপ ভান আৰু এখন মেজিক ভেন বাহন জব্দ কৰে আৰক্ষীয়ে। এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande