অলংকাৰ বজাৰত সামান্য হ্ৰাস, সোণ-ৰূপৰ কমিল চমক
নতুন দিল্লী, ১৮ মে’ (হি.স.)। আজিৰ আগতীয়া ব্যৱসায়ৰ সময়ত ঘৰুৱা অলংকাৰ বজাৰত সামান্য হ্ৰাস পোৱা দেখা গৈছে। মূল্য হ্ৰাস পোৱাৰ বাবে দেশৰ বেছিভাগ ঠাইতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৫৬,৯২০ টকাৰ পৰা ১,৬০,৯০০ টকাৰ ভিতৰত চলি আছে। ইফালে ২২ কেৰে
प्रतीकात्मक


নতুন দিল্লী, ১৮ মে’ (হি.স.)। আজিৰ আগতীয়া ব্যৱসায়ৰ সময়ত ঘৰুৱা অলংকাৰ বজাৰত সামান্য হ্ৰাস পোৱা দেখা গৈছে। মূল্য হ্ৰাস পোৱাৰ বাবে দেশৰ বেছিভাগ ঠাইতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৫৬,৯২০ টকাৰ পৰা ১,৬০,৯০০ টকাৰ ভিতৰত চলি আছে। ইফালে ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,৪৩,৮৪০ টকাৰ পৰা ১,৪৭,৪৯০ টকাৰ ভিতৰত বিক্ৰী হৈছে। একেদৰে আজি একেৰাহে চতুৰ্থ দিনৰ বাবে ৰূপৰ মূল্য দুৰ্বল হোৱাৰ বাবে এই চিকচিকিয়া ধাতুটো দিল্লীৰ বুলিয়ন বজাৰত প্ৰতি কিলোগ্ৰামত ২,৭৯,৯০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।

আজি দিল্লীত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১,৫৭,০৭০ টকাত ব্যৱসায় কৰা দেখা গৈছে, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩,৯৯০ টকাত ৰেকৰ্ড কৰা হৈছে। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৬,৯২০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৩,৮৪০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৬,৯৭০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩,৮৯০ টকাত ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ উপৰিও চেন্নাইত আজি ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৬০,৯০০ টকাকৈ আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৪৭,৪৯০ টকাত বিক্ৰী কৰা হৈছে।

একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য ১,৫৬,৯২০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১,৪৩,৮৪০ টকা। ভূপালত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৫৬,৯৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩,৮৯০ টকা। জয়পুৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৭,০৭০ টকা, আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩,৯৯০ টকা । পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৬,৯৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩,৮৯০ টকা। লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ ১০ গ্ৰামত ১,৫৭,০৭০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৩,৯৯০ টকাত বিক্ৰী হৈছে।

দেশৰ অন্যান্য ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা গৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,৫৬,৯২০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৩,৮৪০ টকাত বিক্ৰী কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande