জনীয়াৰ মেধিৰটাৰীত অমানৱীয়, নৃশংস, জঘন্য ঘটনা সংঘটিত
অমানবীয়, নৃসংশ, জঘন্য ঘটনা সংঘটিত হৈছে জনীয়াৰ মেধিৰটাৰীত।
জনীয়াৰ মেধিৰটাৰীত অমানৱীয়, নৃশংস, জঘন্য ঘটনা সংঘটিত


বৰপেটা, ১৮ মে’ (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ মেধিৰটাৰীত এক অমানবীয়, নৃশংস, জঘন্য ঘটনা সংঘটিত হৈছে । নুৰ মহম্মদ নামৰ ক্ষুদ্ৰ ব্য়ৱসায়ীজনৰ সৈতে সংঘটিত হৈছে এই অমানবীয় আৰু নৃশংস ঘটনা । মেধিৰটাৰীৰ ওহাব আলী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এই অমানীয় কাৰ্য সংঘটিত কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে । লগতে নুৰ মহম্মদৰ হত্যাকাৰীক শাস্তিৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্য়স্ত কৰে ।

উল্লেখ্য যে, যোৱা ১৫ তাৰিখ শুকুৰবাৰে আবেলি ৩ মান বজাত নুৰ মহম্মদ নামৰ ব্যৱসায়ীজনে মেধিৰটাৰী গাঁৱৰ ওহাব আলীৰ ঘৰত ভঙা চিঙা সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল । সামগ্ৰী ক্ৰয় কৰাৰ সময়ত নুৰ মহম্মদ আৰু ওহাব আলীৰ মাজত প্ৰথমে তৰ্কাতৰ্কি হয় যদিও পিছ মূৰ্হুতত ওহাব আলী আৰু তেওঁৰ পত্নী উলপিয়া খানমে লোহাৰ ৰড, চোকা অস্ত্ৰ আদিৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ গুৰুতৰভাৱে আহত অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও শনিবাৰে নিশা আইচিইউত থাকি কৰুণ মৃত্যুক আঁকোৱালি লয় দুৰ্ভগীয়া নুৰ মহম্মদে।নুৰ মহম্মদৰ হত্যাকাৰীক কৰায়ক্ত কৰি উচিত তদন্ত সাপেক্ষে ফাচিৰ দাবীত নুৰ মহম্মদৰ কান্দাপাৰাস্থিত বাসগৃহত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী নুৰ মহম্মদৰ পৰিয়াললৈ চৰকাৰৰ ওচৰত এককালীন আৰ্থিক সাহায্য আহ্বান জনায় ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande