খুমটাইৰ চিনাতলীত প্ৰথম বাৰৰ বাবে সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা
গোলাঘাট, ১৮ মে (হি.স.)। খুমটাইৰ চিনাতলীত প্ৰথম বাৰৰ বাবে সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা। চিনাতলীৰ অঁকা চাৰিআলিত পাঞ্চজন্য নাট্যদলৰ উদ্যোগত গোলাঘাটবাসী ৰাইজৰ সহযোগত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ''ব সদৌ অসম ভাওনা প্ৰতিযোগিতা। চলিত বৰ্ষৰ ৩০ ডিচেম্বৰৰ পৰা
খুমটাইৰ চিনাতলীত প্ৰথম বাৰৰ বাবে সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা


গোলাঘাট, ১৮ মে (হি.স.)। খুমটাইৰ চিনাতলীত প্ৰথম বাৰৰ বাবে সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা। চিনাতলীৰ অঁকা চাৰিআলিত পাঞ্চজন্য নাট্যদলৰ উদ্যোগত গোলাঘাটবাসী ৰাইজৰ সহযোগত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব সদৌ অসম ভাওনা প্ৰতিযোগিতা। চলিত বৰ্ষৰ ৩০ ডিচেম্বৰৰ পৰা এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

২০২৭ বৰ্ষৰ ১০ জানুৱাৰীলৈকে চলিব লগীয়া এই ভাওনা প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী , দুলীয়াজান, লক্ষীমপুৰ আদি স্থানৰ পৰা সৰ্বমুঠ ২২ টা চেমনীয়া ভাওনা দলে এই ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । আজি যোগদান কাৰী দলসমূহৰ লগত আয়োজক সমিতিয়ে আনুষ্ঠানিক চুক্তি সম্পাদন কৰি দলসমূহৰ যোগদান নিশ্চিত কৰে । ভাওনা প্ৰতিযোগিতাৰ বাবে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande