
–বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সদ্যপ্ৰয়াত তৰেণ চন্দ্ৰ বড়োৰ নামত বঁটা ঘোষণা
–সুধাকণ্ঠ ড°ভূপেন হাজৰিকা সম্পৰ্কত প্ৰকাশিত বিভিন্ন প্ৰবন্ধ একগোট কৰি অসম সাহিত্য সভাই বড়ো ভাষাত প্ৰকাশ কৰিব সংকলন
বৰপেটা, ১৮ মে’ (হি.স.)। ‘‘অসম সাহিত্য সভা আৰু বড়ো লেখক সংস্থাৰ পাৰস্পৰিক ভাব বিনিময়ভাৱেৰে আমি আজি ৬৪সংখ্যক বড়ো মাধ্যম দিৱস উপলক্ষে মিলিত হৈছো ৷ এই ভাতৃত্ববোধৰ আমাৰ মাজত সদায় থাকিব ৷ নানা ঘাত প্ৰতিঘাতৰ মাজেৰে বড়ো ভাষাই আজিৰ অৱস্থা লাভ কৰিছে ৷ বড়ো ভাষাই আকাশ চুবলৈ লেখক লেখিকাই সক্ষম হৈছে ৷ বড়ো ভাষাই দেৱনাগৰি লিপি ব্যৱহাৰ কৰাৰ লগে লগে অসম সাহিত্য সভাৰ লগত সম্পৃক্ত হৈছে ৷– এই মন্তব্য় অসম সাহিত্য সভাৰ সভাপতি ভাষাবিদ ড° বসন্ত কুমাৰ গোস্বামীৰ। আজি বৰপেটাৰোড সাহিত্য সভা ভৱনত আয়োজিত এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ভাষাবিদ ড° বসন্ত কুমাৰ গোস্বামীয়ে এই দৰে কয় ৷
ভাষণ প্ৰসংগত ড° গোস্বামীয়ে লগতে কয়— “আজি এই আলোচনা সত্ৰ সত্ৰ হৈ নাথাকে ৷ পৰৱৰ্তী সময়ত আমি একেলগে হাতে হাত ধৰি কাম কৰি যাম ৷ মই প্ৰত্যেককে অসমীয়া ভাষা লগতে বড়ো ভাষাৰ নিত্য ব্যৱহৃত শব্দবোৰ ব্যৱহাৰ কৰা উচিত বুলি ভাৱো ৷ তাৰোপৰিও গোস্বামীয়ে ড° ভূপেন হাজৰিকা সম্পৰ্কত বিভিন্ন কাকত আদি প্ৰকাশ হোৱা প্ৰবন্ধসমূহৰো এটা সংকলন বড়ো ভাষাত প্ৰকাশ কৰিব বুলি ঘোষণা কৰে ৷ ইফালে তেওঁ কয়- অসম সাহিত্য সভাই অসমীয়া ভাষা তেতিয়াহে উন্নতি হ’ব বুলি ভাবিব যেতিয়া ইয়াৰ থলুৱা ভাষাৰ সৰ্বাঙ্গীণ উন্নতি হ’ব ৷ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ চন্দ্ৰ বড়োৰ নামত অসম সাহিত্য সভাই এটি বঁটা প্ৰৱৰ্তন কৰা হ’ব বুলি সভাপতি গৰাকীয়ে উল্লেখ কৰে৷ লগতে তেখেতে লেখকৰ কোনো জাতি ধৰ্ম বৰ্ণ ভাষা থকা উচিত নহয় বুলি উল্লেখ কৰে ৷
উল্লেখ্য যে অসম সাহিত্য সভা আৰু বড়ো লেখক সংস্থাৰ উদ্যোগত ১৭ আৰু ১৮ মে তাৰিখে বৰপেটাৰোড শাখা সাহিত্য সভাৰ সভাগৃহত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ৷ আলোচনাা সত্ৰৰ আৰম্ভণিৰ পূৰ্বে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অতি গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷ “চিৰ চেনেহী মোৰ ভাষা জননী“ গীত আৰু বাগৰুম্বা নৃত্যৰে অনুষ্ঠানটি শুভাৰম্ভ হয়৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা আৰু ৰণিকা বসুমতাৰীয়ে বড়ো আৰু অসমীয়া দুয়োটা ভাষাত আঁতধৰা সভাখনি আদৰণি ভাষণ প্ৰদান কৰে বড়ো লেখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে আৰু সভাখনি উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন বিধায়ক ৰাকেশ্বৰ ব্ৰহ্মই ৷ উদ্বোধনী ভাষণত সাহিত্যিক গৰাকীয়ে অসম সাহিত্য সভা আৰু বড়ো লেখক সংস্থাক একেলগে এনেদৰে কাম কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰে ৷ তেখেতে সাম্প্ৰতিক সময়ত সকলোৱে ৰাজনীতিৰ ঊৰ্ধত থাকি প্ৰতিটো জাতি জনগোষ্ঠীৰ সম উন্নয়নেৰে আগবাঢ়ি যাব লাগিব বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়৷ ইয়াৰ পিছতে বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ কাৰ্যবাহী সদস্যা আখতাৰা আহমেদে উদযাপন সমিতিৰ স্মৰণিকা উন্মোচন কৰে ৷ উন্মোচনী ভাষণত তেখেতে ব্যক্তিগত জীৱনৰ উত্থান পতনৰ সময়ত মামনি ৰয়ছম গোস্বামী আৰু বড়ো বীৰাংগনা ঠেংফাথ্ৰীৰ জীৱন দৰ্শনে বাৰুকৈয়ে প্ৰভাম্বিত কৰিছে আৰু উপস্থিত সকলোকে বিশেষকৈ মহিলাসকলক বিপদৰ সময়ত ভাঙি নপৰি মামণি ৰয়ছম নতুবা মনিষীসকলৰ কিতাপ হাতত তুলি ল’বলৈ আহ্বান জনায় ৷ মহিলাসকল বৌদ্ধিক দিশত আগবাঢ়িলেহে আমাৰ সমাজখন আগবাঢ়ি যাব বুলি উল্লেখ কৰে৷
সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান দেৱজিৎ বৰাই কয়— “মামণি ৰয়ছম গোস্বামী আৰু বড়ো বীৰাংগনা ঠেংফাখ্ৰী নামৰ এই দুগৰাকী মহীয়সী নাৰীকেই আজি আলোচনা চক্ৰৰ জৰিয়তে সন্মানীত কৰা হোৱা নাই৷ এই আলোচনা চক্ৰৰ জৰিয়তে অসমীয়া জাতীয় জীৱনৰ দুটি সত্তাক সন্মানিত কৰাৰ প্ৰয়াস হৈছে ৷
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰৰ প্ৰথম দিনা কিংবদন্তী ঠেংফাখ্ৰীৰ লণ্ডনপাৰা গাঁৱৰ গণ্য মান্য লোকসকলৰ লগত মত বিনিময় কৰা হয়৷ আজি দ্বিতীয় দিনা পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে৷ ইয়াৰ পিছতে জ্ঞানপীঠ বঁটা বিজয়িনী মামণি ৰয়ছম গোস্বামীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰে পদ্মশ্ৰী ড° মঙ্গল সিং হাজোৱাৰীয়ে৷ পুৱা ৯ বজাত বড়ো মাধ্যম তথা বড়ো ভাষা সাহিত্যৰ বাবে জীৱন আহুতি দিয়া ত্যাগী সকলৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰত্নদ্বীপ নাৰ্জাৰীয়ে৷ সভাৰ মাজতে বড়ো মাধ্যমৰ প্ৰথম পাঠ্যপুথি মখোজেননাই পুনৰ প্ৰকাশৰ উন্মোচন কৰা হয় ৷
বিয়লি ভাগত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ গৱেষণা তত্ত্বাৱধায়ক ড° মৰমী বৰঠাকুৰ তালুকদাৰ আৰু বি এইচ কলেজৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপক ড° দিপালী খেৰকটাৰীৰ সঞ্চালনাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনি আৰম্ভ হয়৷ এই আলোচনা চক্ৰত ড° মালবিকা বাগলাৰী, ইন্দিৰা বড়ো, মিহিৰ কুমাৰ বৰুৱা, ৰাখাও বসুমতাৰীয়ে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে৷ আজিৰ এই আলোচনা সত্ৰখনিত বহুকেইখন গৱেষণা পত্ৰ গৱেষক ছাত্ৰ- ছাত্ৰীসকলে পাঠ কৰে ৷ আজিৰ এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন সম্পাদক অৰুণ কুমাৰ মহন্ত, ড° জয়া নাৰ্জাৰী, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, সাংগঠনিক সম্পাদক দুলাল নাথ কবি সন্মিলন উপ সমিতিৰ আহ্বায়ক নৱ ৰাজন তথ্য প্ৰযুক্তিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, পৰিৱেশ্য কলা সংৰক্ষণ উপ সমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, সাহিত্যকৰ্মী চিত্তৰঞ্জন নাথ, ভূমিধৰ ৰয় আদৰণি সমিতিৰ সম্পাদক দিনেশ সিং ব্ৰহ্ম,বড়ো লেখক সংস্থাৰ সম্পাদক আনন্দৰাম ঔৱাৰী, বৰপেটা ৰোড শাখা সাহিত্য সভাৰ সভাপতি সম্পাদক আদিকে ধৰি বহু কেইগৰাকী বড়ো প্ৰতিষ্ঠিত লেখক লেখিকাৰ লগতে কেইবাশতাধিক লোক উপস্থিত আছিল ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ