বোকাজানত কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগত এটা লম্পট আটক
বোকাজানত নাবালিকাৰ লগত ভয়ংকৰ কু-কাণ্ড।
বোকাজানত কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগত এটা লম্পট আটক


কাৰ্বি আংলং, ১৮ মে’ (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজানত এগৰাকী নাবালিকাৰ লগত সংঘটিত হৈছে ভয়ংকৰ কু-কাণ্ড । বালিজান শর্মা বস্তিত ১২ বছৰীয়া এজনী কিশোৰীক যৌন আতিশয্য় চলোৱাৰ অভিযোগত নিতেশ ৰয় নামৰ লম্পটোক আটক কৰে খটখটী আৰক্ষীয়। অসম-নগালেণ্ড সীমান্তৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত বালিজান শর্মা বস্তিত এগৰাকী ৫৬ ৰ উৰ্দ্ধৰ ব্যক্তিয়ে এজনী কিশোৰীক যৌন আতিশয্য় চলোৱাৰ ঘটনাক কেন্দ্ৰ কৰি যোৱা কালি দেওবাৰে বিয়লি অঞ্চলটোত এক উত্তপ্তময় পৰিস্থিতিৰ উদ্ভৱ হয়।

অভিযোগ মতে, লম্পট নিতেশ ৰয় নামৰ লোকজনে ১২ বছৰীয়া কণমানিজনীৰ ঘৰত কোনো নথকাৰ সুযোগ বুজি কণমানিজনীক ঘৰৰ কাৰেণ্টৰ কাম কৰিবলৈ অহা বুলি কৈ ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ লগতে তাইক এটা কোঠালৈ নি তাইৰ দেহৰ গোপন অংগত হাত দিয়া বুলি কণমানিজনীৰ মাতৃয়ে অভিযোগ কৰে। কণমানিজনীয়ে তেনে আচৰণত ভয় খাই চিঞৰ-বাখৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু ওচৰ-চুবুৰীয়াই নিতেশ ৰয় নামৰ লম্পটটোক ঘেৰাও কৰাৰ লগতে ঘটনা সন্দৰ্ভত মাকে আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত খটখটী আৰক্ষীয়ে লম্পটটোক আটক কৰাৰ লগতে কণমানিজনীকো সোধ-পোছৰ বাবে থানালৈ অনাৰ উপৰি কণমানিজনীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ব্যৱস্থা কৰে। আনহাতে, খটখটি থানাত পস্কো আইনৰ অধীনত ৬০/২০২৬ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande