
অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত কমেডী ছবি ‘ৱেলকাম টু দ্য জংগল’ৰ টিজাৰে ইতিমধ্যে দৰ্শকৰ মাজত এক হুলস্থুলৰ সৃষ্টি কৰিছে। এতিয়া টাইটেল ট্ৰেক মুকলি কৰি মেকাৰসকলে অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে। গীতটোৱে পুৰণি ‘ৱেলকাম’ৰ আনন্দ আৰু বিশৃংখলতাক ধৰি ৰাখিছে, দৰ্শকক আকৌ এবাৰ ফ্ৰেঞ্চাইজিৰ কথা সোঁৱৰাই দিছে।
গীতটোৰ আৰম্ভণিতে প্ৰথমে নানা পাটেকাৰৰ ওপৰত চিত্ৰগ্ৰহণ কৰা ‘ৱেলকাম’ (২০০৭) ছবিখনৰ বিখ্যাত ‘আলু পিয়াজ বিক্ৰী’ দৃশ্যটো। এইবাৰ অক্ষয় কুমাৰ, সুনীল শেট্টী, আৰ্শ্বদ ৱাৰছী, আৰু তুষাৰ কাপুৰে একেটা মজাৰ গীত পৰিবেশন কৰা দেখা গৈছে। সংগীত যুটি সাজিদ-ৱাজিদৰ ৰচনা কৰা এই গীতটি পুনৰ সৃষ্টি কৰা হৈছে। পূৰ্বৰ দৰেই শ্বানে গীতটোৰ কণ্ঠ ধাৰলৈ দিছে, আনহাতে মেঘা বালিয়ে গীতৰ কথা লিখিছে।
এই শক্তিশালী আৰু মজাৰ গীতটোত সমগ্ৰ তাৰকা অভিনেতাই বিস্ফোৰণ ঘটা দেখা গৈছে। অক্ষয় কুমাৰ আৰু তেওঁৰ দলৰ লগতে দিশা পাটানী আৰু জেকলিন ফাৰ্নাণ্ডেজৰ গ্লেমাৰাছ অভিনয়েও সমাদৰ লাভ কৰিছে। গীতটো মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, আৰু অনুৰাগীয়ে ইয়াক ব্যাপকভাৱে শ্বেয়াৰ কৰিছে। আহমেদ খানৰ পৰিচালনাত নিৰ্মিত ৱেলকাম টু দ্য জংগল ২০২৬ চনৰ ২৬ জুনত ছবিগৃহত মুক্তি পাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া