
কামৰূপ, ১৭ মে’ (হি.স.)। সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ সহযোগত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত এখন গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত হয় । অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ সভাপতি খগেন হীৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন পৰিচালনা কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমানে । সভাত উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকাই কয় যে অসম উন্নতি সভা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন । এই সংগঠনটোৰ মূল লক্ষ্য হৈছে যুৱক-যুৱতীসকলক অৰ্থনৈতিকভাৱে সবল কৰি কৰ্ম সংস্কৃতিৰ জৰিয়তে স্বাৱলম্বিতাৰ পথত আগবঢ়াই নিয়া । “যুৱ সমাজ অৰ্থনৈতিকভাৱে শক্তিশালী হ’লেহে নিবনুৱা সমস্যাৰ কিছু পৰিমাণে হলেও সমাধান সম্ভৱ হ’ব বুলি ছাত্ৰ নেতা ডেকাই দোহাৰে ।
ইফালে অসম উন্নতি সভাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ডম্বৰু কলিতাই ভাষণ প্ৰসংগত কয় যে নৱ প্ৰজন্মক সংস্থাপনৰ সঠিক পথ দেখুৱাব লাগিব । কৃষিকাৰ্যৰ জৰিয়তে অৰ্থনৈতিক সংগ্ৰামত আগবাঢ়ি যোৱাৰ আহ্বান জনাই তেওঁ ছাগলী পালন, কুকুৰা পালন, কলখেতি আদি বিষয়ত গুৰুত্ব আৰোপ কৰে । এনেদৰে আগবাঢ়িলেহে প্ৰকৃতাৰ্থত 'বজাৰ আমাৰ, পথাৰ আমাৰ' শ্লোগান বাস্তৱায়িত কৰিব পৰা যাব । সভাত জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সুৰজিত কলিতাই ছাত্ৰ সন্থা আৰু উন্নতি সভাই যৌথভাৱে কৃষি বিপ্লৱৰ ক্ষেত্ৰত কাম কৰাৰ ওপৰত জোৰ দিয়ে । ইয়াৰ উপৰিও ৰোহিনী কুমাৰে কৰ্মমুখী চিন্তাৰে জিলা সমিতিখন আগবঢ়াই নিয়াৰ পৰামৰ্শ আগবঢ়ায় । আনহাতে মোহন মাধৱ বৰ্মনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিযুক্তি পৰীক্ষাৰ প্ৰশিক্ষণ, কৃষিকাৰ্য, মীন বিভাগ আদিত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি স্বাৱলম্বিতাৰ পথ দেখুৱাব লাগিব বুলি মত প্ৰকাশ কৰে ।
সভাত ননিধৰ কলিতা, উমেশ কলিতা, ত্ৰৈলোক্য কলিতা আৰু অতুল কলিতায়ো বক্তব্য আগবঢ়ায় । উক্ত সভাত আগন্তুক বৰ্ষৰ বাবে অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ সভাপতি হিচাপে খগেন হীৰা আৰু সাধাৰণ সম্পাদক হিচাপে ইমদাদুৰ ৰহমানক দায়িত্ব অর্পণ কৰা হয়। লগতে ডম্বৰু কলিতা, ৰোহিনী কুমাৰ আৰু মোহন মাধৱ বৰ্মনক কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হয় । সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গোলোক ৰাজবংশী, অসম সেনাৰ নন্দেশ্বৰ দাস আৰু কামালুৰ জামান উপস্থিত থাকে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা