দেৰগাঁৱত ভালুকৰ মুক্ত বিচৰণ
গোলাঘাট, ১৭ মে (হি.স.)। দেৰগাঁৱত নিশাৰ ভাগত এটা ভালুকৰ মুক্ত বিচৰণ কৰা কাৰ্যই এতিয়া চিন্তিত কৰি তুলিছে ৰাইজক। প্ৰতক্ষ্যভাৱে ভালুকটো কোনেও দেখা নাই যদিও নিশাৰ ভাগত চি চি টিভি কেমেৰাত বন্দী হৈছে ভালুকৰ মুক
দেৰগাঁৱত ভালুকৰ মুক্ত বিচৰণ


গোলাঘাট, ১৭ মে (হি.স.)। দেৰগাঁৱত নিশাৰ ভাগত এটা ভালুকৰ মুক্ত বিচৰণ কৰা কাৰ্যই এতিয়া চিন্তিত কৰি তুলিছে ৰাইজক।

প্ৰতক্ষ্যভাৱে ভালুকটো কোনেও দেখা নাই যদিও নিশাৰ ভাগত চি চি টিভি কেমেৰাত বন্দী হৈছে ভালুকৰ মুক্ত বিচৰণৰ দৃশ্য।

সমান্তৰালভাৱে নিশা পথৰ ওপৰতো স্পষ্টৰূপত জিলিকি আছে ভালুকটোৰ ভৰিৰ খোজ।

নিশাৰ ভাগত দেৰগাঁৱৰ চকিয়াল গাঁৱৰ এজন ব্যক্তিৰ ঘৰত সংস্থাপিত হৈ থকা চিচি টিভি কেমেৰাত বন্দী হৈছিল ভালুকৰ নিশা মুক্ত বিচৰণৰ দৃশ্য।

ইতিমধ্যেই বন বিভাগৰ লোকে ভালুকটোৰ অৱস্থিতি উলিয়াবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই মুহুৰ্তলৈকে ভালুকটোৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande