চামগুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ,এজন আহত
নগাঁও ১৭ মে (হি.স.)। হস্তী-মানৱৰ সংঘাতে চামগুৰিত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । পুনৰ আহত ১ জন। কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ।চামগুৰিৰ ভৰাগুৰিত সংঘটিত হৈছে বুকু কপি যোৱা এক ঘটনা। কালি নিশা পিতৃ মাতৃক লগত লৈ পুত্ৰ গৈছিল গাঁৱতে অনুষ্ঠিত বিহুৰ সাংস্কৃতি
চামগুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ,এজন আহত


নগাঁও ১৭ মে (হি.স.)। হস্তী-মানৱৰ সংঘাতে চামগুৰিত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । পুনৰ আহত ১ জন। কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ।চামগুৰিৰ ভৰাগুৰিত সংঘটিত হৈছে বুকু কপি যোৱা এক ঘটনা। কালি নিশা পিতৃ মাতৃক লগত লৈ পুত্ৰ গৈছিল গাঁৱতে অনুষ্ঠিত বিহুৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ,পিছে তিনিজনীয়া পৰিয়ালটো ঘৰলৈ ওভোতাৰ পথত বন্যহস্তীৰ বৃহৎ জাক এটাৰে মুখামুখি হয়।

প্ৰায় ৭ টা বন্যহস্তী থকা জাকটোৰ পৰা ৰক্ষা পাবলৈ দৌৰি পলায়ন কৰোতে পকী পথত পৰি আহত হয় বিকি বৰা নামৰ যুৱকজন। ভৰি হাতত জখম হয় যুৱকজনৰ। নিশাই আতংকগ্ৰস্ত পৰিয়ালটোৱে খবৰ দিয়ে উদমাৰী বন বিভাগক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande