
হোজাই, ১৭ মে’ (হি.স.): লামডিঙৰ গংগা পথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ যোৱা কালি শনিবাৰে নিশা লামডিঙৰ গংগা পথৰ এখনি বিবাহ অনুষ্ঠানত অগ্নি সংযোগ আৰু লগতে দুখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হয় ৷ গংগা পথৰে নিৱাসী শিবা দে নামৰ লোকজনে নিশা পোন প্ৰথমে ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি কৰি অগ্নি সংযোগ কৰাৰ লগতে বিবাহ অনুষ্ঠানত প্ৰৱেশ কৰি দুটাকৈ ম'বাইল ফোন চুৰি কৰি বিবাহ অনুষ্ঠানতো অগ্নি সংযোগ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷
ঘটনাস্থলীত লামডিং আৰক্ষীৰ লগতে লামডিং সমজিলাৰ উপ আৰক্ষী অধীক্ষক উপস্থিত হৈ অভিযুক্ত শিবা দেক আটক কৰাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লয় ৷ যুৱকজনৰ বিৰুদ্ধে পূৰ্বতেও ম'বাইল চুৰি কৰাৰ অভিযোগ থকাৰৰ লগতে বিভিন্ন দুস্কাৰ্য্য কৰাৰো অভিযোগ আছে ৷ স্থানীয় ৰাইজ আৰু ভূক্তভূগিয়ে অভিযুক্তৰ কঠোৰ শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ