
ৰায়পুৰ, ১৭ মে’ (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে ১৭ মে’ৰ পৰা ১৯ মে’লৈ তিনিদিনীয়াকৈ ছত্তীশগড় ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ বস্তৰ অঞ্চলৰ নিৰাপত্তা ব্যৱস্থা, উন্নয়নমূলক কাম আৰু ৰাজহুৱা সুবিধাসমূহ পৰ্যালোচনা কৰিব।
ৰায়পুৰ আৰু বস্তৰ সংমণ্ডলৰ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্বাহে নেতানাৰ ভ্ৰমণ কৰিব আৰু জগদলপুৰত কেন্দ্ৰীয় খণ্ড পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাজ্যখনত ডায়েল-১১২ সেৱা সম্প্ৰসাৰণৰ অংশ হিচাপে ৪০০খন নতুন বাহনৰ ফ্লেগ অফ কৰিব। প্ৰতিখন জিলাতে ফৰেনছিক ইউনিট প্ৰদানৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ’ব।
বস্তৰত ৰাজহুৱা সুবিধা কেন্দ্ৰ উদ্বোধন, উন্নয়নমূলক কামৰ পৰ্যালোচনা, শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি জনোৱা আদি অনুষ্ঠানো এই ভ্ৰমণৰ অংশ হ’ব। চৰকাৰে এই ভ্ৰমণক নিৰাপত্তা আৰু উন্নয়নৰ মাজত ভাৰসাম্য ৰক্ষাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া