
নগাঁও, ১৭ মে (হি.স.)। ৰহাৰ টোলগেটত ভয়ংকৰ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই টোলগেটৰ কৰ্মচাৰীক খুন্দিয়াই কাষৰ ডিভাইদাৰত খুন্দা স্প্ৰেচো বাহনৰ৷ টোলগেটৰ কৰ্মচাৰী সহ আহত তিনি৷ গুৰুতৰভাৱে আহত টোলগেটৰ কৰ্মচাৰীজনৰ নাম নিপু দাস৷ আনহাতে স্প্ৰেচো খনৰ আহত দুজন নাম জানিব পৰা হোৱা নাই৷
আহত সকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ টোলগেটৰ চি চি টিভি কেমেৰাত বন্দী দুৰ্ঘটনাৰ সমস্ত দৃশ্য৷ জানিব পৰা মতে নগাঁৱৰ ফালৰ পৰা গুৱাহাটী অভিমুখী নম্বৰবিহীন স্প্ৰেচো বাহনখনে ৰহা টোলগেট পাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগে আহি গুৱাহাটী-নগাঁও পথলৈ আহি টোলগেটৰ কৰ্মচাৰী নিপু দাসক খুন্দা মৰাৰ পিচত ডিভাইদাৰত খুন্দা মাৰে৷ ফলত বাহনখনৰ দুজন আৰোহী আৰু টোলগেটৰ কৰ্মচাৰী নিপু দাস গুৰুতৰভাৱে আহত হয়৷ পিচত ৰহা আৰক্ষীয়ে আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ