জোনাইত আৰক্ষীয়ে মাটি খান্দি উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী, তিনিজন আটক
জোনাইত আৰক্ষীয়ে মাটি খান্দি উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী তিনিজনক আটক।
জোনাইত আৰক্ষীয়ে মাটি খান্দি উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী, তিনিজন আটক


ধেমাজি, ১৭ মে’ (হি.স.): ধেমাজি জিলাৰ জোনাইৰ কেডি চুক গাঁৱৰ পৰা যোৱা কালি শনিবাৰে বিয়লি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই অভিযানত চুৰি কাণ্ডত জড়িত থকাৰ অভিযোগত তিনিজনক আটক কৰে জোনাই আৰক্ষীয়ে।

জানিব পৰামতে নিশা জোনাই সদৰত থকা বাস্তৱ গ্ৰীল নামৰ এখন ৱেল্ডিং দোকানত চোৰে প্ৰৱেশ কৰি লুটি লৈ যায় দোকানৰ সকলো মূল্যৱান সা-সামগ্ৰী । ঘটনা সন্দৰ্ভত ভুক্তভোগী বিপনীখনৰ স্বত্বাধিকাৰী গৰাকীয়ে জোনাই থানাত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি কেডি চুক গাঁৱৰ তিনিটা স্থানত অভিযান চলাই চুৰি কৰা সকলো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই অভিযানত চুৰি কাণ্ডত জড়িত থকাৰ অভিযোগত তিনিজনক আটক কৰে জোনাই আৰক্ষীয়ে । আটকাধীন লোক কেইজন কেডি চুক গাঁৱৰ ৰুয়ুম পেগু, মিমাং দলে আৰু দাৰাসিং পেগু বুলি জানিব পৰা গৈছে ।

ইফালে এই একেটা অভিযানতে চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যৱহৃত বৃহৎ পৰিমাণৰ জালি, চাৰিচকীয়া বাহনৰ চকা আদি পুতি থোৱা অৱস্থাৰ পৰা আৰক্ষীয়ে খান্দি উলিয়াবলৈ সক্ষম হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande