
বিশ্বনাথ, ১৭ মে (হি.স.)। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড হাতীৰ উপদ্ৰৱ । নিশা গহপুৰৰ গমিৰিৰ কুমাৰ পখ্ৰেল নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ ভাঙি চূৰমাৰ কৰি দিয়াৰ ওপৰিও বাৰীৰ কলগছ তামোল গছ আদি ভাঙি খাই বিস্তৰ ক্ষতি সাধন কৰে ।
অতি দৰিদ্ৰ কুমাৰ পখ্ৰেল এক জটিল ৰোগত আক্ৰান্ত হৈ বহিঃৰাজ্যত চিকিৎসা গ্ৰহণ কৰি থকাৰ বিপৰীতে ঘৰত কেৱল মাক আৰু এগৰাকী কণমানি ছোৱালীয়ে শুই থকা অৱস্থাত হাতীটোৱে ঘৰ দুৱাৰ ভাঙি পেলাই আৰু মাক জীয়েক কথমপি পলায় প্ৰাণ ৰক্ষা কৰে। এই ক্ষেত্ৰত বন বিভাগৰ লোকক খবৰ দিয়া হয় যদিও বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ