
তামুলপুৰ, ১৭ মে’ (হি.স.)। তামুলপুৰত বৰনদীৰ বুকু উদং কৰি শিল বালি মাফিয়াৰ অবাধ লুণ্ঠন চলিব ধৰিছে। বন বিভাগ তথা জিলা প্ৰশাসনৰ নীৰৱতাৰ বিপৰীতে ভাৰত-ভূটান সীমান্তৰ বৰনদীত শিল-বালিৰ ব্যৱসায়ীয়ে চলাইছে তীব্ৰ লুণ্ঠনৰাজ।
অত্যাধুনিক শিলভঙা মেচিনৰ বৈধ অনুজ্ঞাপত্ৰৰ দোহাই দি লাখ লাখ টকাৰ ৰাজহ ফাঁকিৰে নদীৰ বুকুত চলিছে অবৈধ খনন। এলএনটি আৰু এইচআৰডি নামৰ কোম্পানী দুটাই নিতৌ শ শ ডাম্পাৰেৰে শিল-বালি কঢ়িয়াই উদং কৰিছে বৰনদীৰ বুকু। নদীখনত এইধৰণৰ আছে প্ৰায় আন বহু কেইটা কোম্পানী । একাংশ লোকৰ অভিযোগৰ ভিত্তিত এলএনটি আৰু এইচআৰডি কোম্পানীত বন বিভাগৰ লোকে তদন্ত কৰিছে জমা কৰা শিল বালিৰ পৰিমাণ।
এসময়ৰ উৰ্বৰ কৃষিভূমিত স্থাপন কৰা হৈছে বৃহৎ শিলভঙা মেচিন (Stone Crusher)।মেচিনৰ বিকট শব্দ আৰু ধূলি-বালিৰ ধোৱাই সমগ্ৰ অঞ্চলটোত ভয়াৱহ প্ৰদূষণৰ সৃষ্টি কৰিছে । দিন-ৰাতি একাকাৰ কৰি চলোৱা খননৰ ফলত ক্ৰমাৎ শুকাই গৈছে বৰনদীৰ জলস্তৰ, যাৰ বাবে জলসিঞ্চন ব্যৱস্থাৰ প্ৰতি হাহাকাৰ লাগিছে। আনহাতে প্ৰশাসন আৰু বন বিভাগৰ একাংশ বিষয়াৰ সৈতে গোপন বুজাবুজিৰে এই কাৰ্য চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা